10/29/2021 - 18:24
in
হোজাইঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি জ্বলিছে ক্ষোভৰ জুই। ৰাজ্যত বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য ৰোধৰ দাবী আৰু ডবকা বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে হোজাইৰ উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত হোজাই জিলা অসম জাতীয় পৰিষদ আৰু জাতীয় যুৱ শক্তিয়ে সাব্যস্ত কৰে প্ৰতিবাদ। অসম জাতীয় পৰিষদ আৰু জাতীয় যুৱ শক্তি হোজাই জিলা সমিতিয়ে উপায়ুক্ত কাৰ্যালয়ৰ চৌহদত এক গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰি ডবকা বনাঞ্চল ধ্বংসৰ বিৰোধিতা আৰু নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ লগতে ৰন্ধন গেছ, বৈদ্যুতিক মাছুল, পেট্ৰোল, ডিজেলৰ মুল্য ৰোধৰ দাবী উত্থাপন কৰি হোজাই জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।