10/31/2021 - 12:26
in
হোজাইঃ বহিঃৰাজ্যৰ পৰা নিৰুদ্দেশ হোজাইৰ ৩৮ বছৰীয়া এজন যুৱক নাম বিমল দাস। যুৱকজন হোজাইৰ দক্ষিণ গোলাঘাটীয়া বস্থিৰ বুলি জানিব দিয়ে।
জানিব পৰা মতে কৰ্ম সংস্থাপন বিচাৰি ৮/৯/২১ তাৰিখে হোজাইৰ মিলিক বস্থিৰ জলধৰি চৌহান নামৰ সতীৰ্থৰ লগত গৈছিল বহিঃৰাজ্যৰ মুম্বাইৰ পোনেলৈ। কিন্তু তাৰ তিনিদিন পিছতেই বিমলৰ পৰিয়াললৈ নিৰুদ্দেশৰ খবৰ পোৱাত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। কোনো সদাশয় ব্যক্তিয়ে যুৱক বিমল দাসক প্ৰত্যক্ষ কৰিলে স্কিনত দিয়া ৮০১১০০৬৭৯১ নম্বৰত পৰিয়ালৰ যোগাযোগ কৰি সহায় কৰে যেন।