"সুদক্ষ খেলুৱৈক উৎসাহ প্ৰদান কৰাটো অত্যন্ত প্ৰয়োজন"- ভেল্লাত বিধায়ক আশ্ৰাফুল হুছেইন

 11/01/2021 - 20:12
 
 
বৰপেটাঃ "সুদক্ষ খেলুৱৈক উৎসাহ প্ৰদান কৰাটো অত্যন্ত প্ৰয়োজন হৈ পৰিছে। এইয়া সময়ৰ আহ্বান। বৰপেটাৰ ভেল্লাৰ ৰাইজে ফুটবলক শিৰাই শিৰাই প্ৰশ্ৰয় দিছে। ভেল্লাৰ ৰাইজে যুগ যুগ ধৰি অসম ভিত্তিত ফুটবল খেল দিবা নৈশই আয়োজন কৰি আহিছে। এইয়া বৰপেটাবাসীৰ বাবে গৌৰৱৰ কথা।
 
কিন্তু এই ক্ষেত্ৰত চৰকাৰে খেলুৱৈসকলক উৎসাহ প্ৰদান কৰা উচিত যাতে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক খেলুৱৈ সৃষ্টি হোৱাৰ ক্ষেত্ৰত ভেল্লাৰো অৱদান থাকে"- বৰপেটাৰ ভেল্লাত চলি থকা অসম ভিত্তিত আমন্ত্ৰণমূলক প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি সাংবাদিকৰ হোৱা সাক্ষাৎকাৰত এইদৰে কৈ খেলে সকলোৰে মাজত একতা আৰু ভাতৃত্ববোধ মনোভাৱ বৃদ্ধি কৰে বুলি মতপোষণ কৰে।
 
চেঙা সমষ্টিৰ ক্ৰীড়া ক্ষেত্ৰখনক আগুৱাই নিয়াতো যুৱ বিধায়ক হিচাপে দায়িত্ব বুলি কৈ বিধায়ক আশ্ৰাফুল হুছেইনে যৎপৰোনাস্তি প্ৰচেষ্টা কৰিব বুলি কয়।
 
দলৈতলা নয়ন জ্যোতি ক্লাৱৰ বিৰুদ্ধে যুঁজত অবতীৰ্ণ হৈ ৩-২ গ'লৰ ব্যৱধানত মুকালমুৱাৰ মাছা দলে চেম্পিয়নশ্বিপৰ খিতাপ লাভ কৰা খেলখনত অসম উদ্যোগিক নিগমৰ উপাধ্যক্ষ জিতু তালুকদাৰে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি চেঙা সমষ্টিৰ খেলৰ সৈতে জড়িত বিভিন্ন সমস্যা সমাধান কৰিবলৈ বিধায়কগৰাকীৰে আলোচনাত মিলিত হৈ চৰকাৰীভাৱে ভাল পদক্ষেপ ল’ব বুলি কয়।
 
এই খেলে জাতিক একত্ৰিত কৰাত অৰিহণা যোগায় বুলিও কয়। খেলখন উপভোগৰ সময়ত কেইবাগৰাকীও বিশিষ্ট উপস্থিত থাকে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।