11/22/2021 - 13:35
in
ধুবুৰীঃ ধুবুৰীৰ পৰা ফকিৰগঞ্জলৈকে যোৱাৰ এখন MV প্ৰতিমা আৰু ৰ,ৰপেস্ক নামৰ এখন জাহাজ যোগান ধৰিছিল অসম চৰকাৰে জাহাজখন কোনো ধৰণৰ আগজাননী নিদিয়াকৈ হঠাৎ বন্ধ কৰি দিয়াত যাত্ৰীসকলৰ মাজত হাহাকাৰ সৃষ্টি হয়। পিছে ধুবুৰীৰ লঞ্চচ ফেৰী ছেণ্ডিকেটৰ মালিক পক্ষই এটা ইঞ্জিন চালিত ফেৰীৰে ফকিৰগঞ্জ পৰা ধুবুৰী অভিমুখে ৪০০ জন যাত্ৰী কঢ়িয়াই আহি থাকাৰ সময়ত ব্ৰহ্মপুত্ৰৰ বুকুত হঠাৎ ফেৰী খনৰ ইঞ্জিন বিকল হৈ পৰাত যাত্ৰী সকলোৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
কি কাৰণত আভ্যন্তৰীণ জল পৰিবহন বিভাগে হঠাৎ বন্ধ কৰিলে এতিয়ালৈকে আভ্যন্তৰীণ জল পৰিবহন বিভাগে স্পষ্ট কৰা নাই। যাত্ৰীসকলে জানিবলৈ দিয়া মতে জাহাজখনৰ তেলৰ যোগান ধৰিব পৰা নাই আভ্যন্তৰীণ জল পৰিবহন বিভাগে। তেলৰ অভাৱত ধুবুৰীত বন্ধ হ'ল ৰ ৰ আৰু ৰপেক্স জাহাজ,ৰ ৰ আৰু ৰপেক্স বন্ধ হোৱাৰ ফলত পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে লেছিয়ে। ব্ৰহ্মপুত্ৰৰ বুকুত ভয়ংকৰ নাও চলাচল অব্যাহত। নদী পথত প্ৰায় চাৰি শতাধিক যাত্ৰীলৈ বিকল। কথমপি প্ৰাণ ৰক্ষা পৰিল চাৰি শতাধিক যাত্ৰীৰ। তিনি ঘণ্টাৰ মূৰত ভয় শংকাৰ মাজেৰে ধুবুৰীৰ পাৰঘাটত উপস্থিত যন্ত্ৰচালিত নাও। ধুবুৰীৰ বাবে যোগান ধৰা দুখন কৈ জাহাজ বন্ধ হৈ পৰাৰ ফলত যাত্ৰীসকলৰ মাজত এক হাহাকাৰ সৃষ্টি হৈছে।