'কেতিয়া আহিবি সনাতন, আমি আৰু সহিব নোৱাৰিছো'-মাতৃৰ অশ্ৰুপূৰ্ণ চকুৰে পুত্ৰলৈ প্ৰশ্ন

 11/23/2021 - 13:27
 
 
মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটাৰ এজন যুৱক নাম সনাতন দাস, মাৰ্ঘেৰিটাৰ দিহিংপুৰিয়া গাঁৱৰ নিবাসী স্বৰ্গীয় কেশৱ চন্দ্ৰ দাসৰ সন্তান। ২০১০ চনৰ ১৭ এপ্ৰিলত কৰ্মসুত্ৰে নিজ বাসগৃহ মাৰ্ঘেৰিটাৰ পৰা বেঙ্গালোৰলৈ ৰাওনা হৈছিল। কিন্তু বেঙালোৰ পোৱাৰ পূৰ্বেই অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাৰা ৰে’ল ষ্টেচনত পানী আনিব কাৰনে নমাত ট্ৰেইনখন এৰি দিয়ে। তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছে সনাতন দাস।
 
পৰিয়ালৰ লোকে তাত খোজ কৰাৰ লগতে বিজয়ৱাৰা পুলিচ ষ্টেচনত এজাহাৰ দাখিল কৰে। ইয়াৰ উপৰিও মাৰ্ঘেৰিটা পুলিচ ষ্টেচনতো এখন এজাহাৰ দাখিল কৰা হৈছিল, কিন্তু আজি পৰ্যন্ত একো খবৰ পোৱা নগ’ল মৰমৰ সনাতন দাসক। শোকত ভাঙি পৰিল মাতৃ। আজি এঘাৰো বছৰ পাছতো মাতৃ তথা পৰিয়াৰ লোকৰ বিশ্বাস যে হয়তো তেঁওলোকৰ মৰমৰ সনাতন ওভতি আহিব। জ্যেষ্ঠ ভাতৃ গুনৰাম দাসে চৰকাৰ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ অনুৰোধ যে তাৰ মৰমৰ সৰু ভাইটি সনাতন দাসক ঘৰলৈ ওভতাই অনাৰ বাবে প্ৰয়াস কৰে যেন।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।