ধুবুৰী ব্ৰহ্মপুত্ৰত পুনৰ চলিল এটা ইঞ্জিন চালিত নাও। জাত্ৰীৰ জীৱনক লৈ হেতালি আভ্যন্তৰীণ জল পৰিনবহ বিভাগৰ। নিমাতী ফেৰী দুৰ্ঘটনাৰ পিছতো গা লৰা নাই আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ ।

 11/23/2021 - 13:42
 
 
 
ধুবুৰীঃ ধুবুৰীৰ পৰা ফকিৰগঞ্জলৈকে যোৱাৰ MV প্ৰতিমা আৰু ৰপেস্ক নামৰ এখন জাহাজ যোগান ধৰিছিল অসম চৰকাৰে জাহাজখন কোনো ধৰণৰ আগজাননী নিদিয়াকৈ হঠাৎ বন্ধ কৰি দিয়াত যাত্ৰীসকলৰ মাজত হাহাকাৰ সৃষ্টি হয়। পিছে ধুবুৰীৰ লঞ্চচ ফেৰী ছেণ্ডিকেটৰ মালিক পক্ষই এটা ইঞ্জিন চালিত ফেৰীৰে ফকিৰগঞ্জ পৰা ধুবুৰী অভিমুখে অতি বিপদজনকভাৱে ৪০০ জন যাত্ৰী কঢ়িয়াই আহি থকাৰ সময়ত ব্ৰহ্মপুত্ৰৰ বুকুত হঠাৎ ফেৰীখনৰ ইঞ্জিন বিকল হৈ পৰাত যাত্ৰী সকলৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কি কাৰণত আভ্যন্তৰীণ জল পৰিবহন বিভাগে হঠাৎ জাহাজ সেৱা বন্ধ কৰিলে, এতিয়ালৈকে স্পষ্ট কৰা নাই আভ্যন্তৰীণ জল পৰিবহন বিভাগে। যাত্ৰীসকলে জানিবলৈ দিয়া মতে জাহাজখনৰ তেলৰ যোগান ধৰিব পৰা নাই আভ্যন্তৰীণ জল পৰিবহন বিভাগে। তেলৰ অভাৱত ধুবুৰীত বন্ধ হ'ল, ৰপেক্স জাহাজ, আৰু ৰপেক্স বন্ধ হোৱাৰ ফলত তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিছে লেছিয়ে। নদী পথত প্ৰায় চাৰি শতাধিক যাত্ৰীলৈ বিকল হৈ পৰি থাকিল লেছিৰ ২০ বছৰীয়া পুৰণি লঞ্চচ। তিনি ঘণ্টাৰ মূৰত ভয়-শংকাৰ মাজেৰে ধুবুৰীৰ পাৰঘাটত উপস্থিত যন্ত্ৰচালিত নাওখন। ধুবুৰীৰ বাবে যোগান ধৰা দুখন কৈ জাহাজ বন্ধ হৈ পৰাৰ ফলত যাত্ৰীসকলৰ মাজত এক হাহাকাৰ সৃষ্টি হয়। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।