11/23/2021 - 16:51
in
জামুগুৰিহাটঃ দেওবাৰে নিশা তেজপুৰৰ সমীপৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা কলিয়াভোমোৰা দলঙত সংঘটিত দুৰ্ঘটনাত পতিত হৈ ব্ৰহ্মপুত্ৰৰ বুকুত পৰিছিল এখন ট্ৰাক। আৰু এই ট্ৰাকখনৰ যি গৰাকী চালক আছিল তেখেতৰ নাম হ'ল ৰাজীৱ বিশ্বকৰ্মা আৰু বাসভৱন জামুগুৰিহাটৰ আগ্ৰীপামত।
ইতিমধ্যে এই গৰাকী চালকৰ মবাইল ফোন বন্ধ আছে। ব্ৰহ্মপুত্ৰৰ বুকুতেই সন্ধানহীন হোৱা বুলি ইতিমধ্যে নিশ্চিত হোৱ চালকজনৰ জামুগুৰিহাটৰ ঘৰত এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। পত্নী মাতৃ আৰু আত্মীয়ৰ মাজত কান্দোনৰ ৰোল পৰিলক্ষিত হয়৷ ইয়াৰ উপৰি ট্ৰাকখনৰ হেন্দিমেন তথা ৰাজিব বিশ্বকৰ্মাৰ সুলশালি অমিত সোনাৰৰ ঘৰ বিহালীৰ চেঙামাৰী গাঁৱত বুলি জানিবলৈ দিছে শিবম বিশ্বকৰ্মা(১২) আৰু সিদ্ধাত বিশ্বকৰ্মা(৭) নামৰ দুটি পুত্ৰ সন্তানৰ মাতৃ তথা চলক জনৰ পত্নী শোভা বিশ্বকৰ্মাই৷ নিশা লোহা ভৰ্ত্তি এখন চলন্ত ট্ৰাক দলং ভাগি খহি পৰে ব্ৰহ্মপুত্ৰ নদীত৷
ইতিমধ্যে নিৰুদ্দেশ হৈ থকা ট্ৰাকখনৰ চালক হেণ্ডিমেনৰ মঙলবাৰে সন্ধান লাভ কৰিছে আৰক্ষীয়ে৷ ব্ৰহ্মপুত্ৰ নদীৰ পৰা উদ্ধাৰ হোৱা এটা বেগত অমিত সোনাৰ নামৰ এজন যুবকৰ এ টি এম ,ভোটাৰ কাৰ্ড আৰু অন্যান্য নথিপত্ৰ উদ্ধাৰ হোৱাত আৰক্ষী নিশ্চিত হয় উক্ত গাড়ীখনৰ চালক ৰাজীৱ বিশ্ব কৰ্মা আৰু হেন্দিমেন অমিত সোনাৰ বুলি৷