বিশ্বনাথৰ Always Foundationৰ সহযোগত নেপকিন ব্যৱহাৰৰ ওপৰত সজাগতা সভা

 11/23/2021 - 17:56
 
 
বিহালীঃ আজি বিশ্বনাথৰ চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত always Foundation ৰ উদ্যোগত চেনিটেৰী নেপকিন ব্যৱহাৰৰ ক্ষেত্ৰত এক সজাগতা সভা অনুষ্ঠিত কৰা হয়। এই সজাগতা সভাৰ জৰিয়তে বিদ্যালয়ৰ ছাত্ৰ সকলক নেপকিনৰ ব্যৱহাৰ আৰু ৰোগ নিৰাময়ৰ ওপৰত বিভিন্ন সজাগতা মূলক বক্তব্য প্ৰদান কৰি নেপকিন ব্যৱহাৰ কৰিলে কি ফল লাভ কৰিব পাৰি আৰু চেনিটেৰী নেপকিন ব্যৱহাৰ নকৰিলে কি কি ৰোগৰ সন্মুখীন হ’বলগীয়া হয়। এই বিষয় সমূহৰ ওপৰত ছাত্ৰীসকলক সজাগ কৰা হয়।
 
এই সজাগতা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশ্বনাথ বিধান সভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে আৰু সভাপতিত্ব কৰে বিশ্বনাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা মৰমী ভট্টাচাৰ্যই আৰু অতিথি হিচাপে উপস্থিত থাকে চাৰিআলি উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা জিলা পৰিষদৰ সদস্য সতেন্দ্ৰ হাজৰিকাই। এই সজাগতা সভাত চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক শিয়ত্ৰীসকল উপস্থিত থকাৰ লগতে বিদ্যালয়ৰ ছাত্ৰীসকল উপস্থিত থাকে। আনহাতে always Foundationৰ নয়ন শইকীয়া আৰু তেকজেতৰ সহধৰ্মী বাঘমীতা শইকীয়াই সমগ্ৰ ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰতো বিগত কেইবাছৰৰ পৰা চেনিটেৰী নেপকিনৰ ওপৰত সজাগতা সৃষ্টি কৰি আহিছে। কেবল সজাগতাই নহয় always Foundation য়ে ৰাজ্যৰ বিভিন্ন পিছপৰা অঞ্চল সমূহত এই চেনীটেৰি নেপকিনৰ ওপৰত মহিলাসকলৰ মাজত গোট গঠন কৰি চেনিটেৰী নেপকিন প্ৰস্তুত কৰি পিছপৰা অঞ্চলৰ যুৱতীসকলক অতি ৰেহাই মূল্যত বিতৰণ কৰি আহিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।