11/24/2021 - 13:08
in
নিউজ ডেস্কঃ কণ্ঠশিল্পী অংগৰাগ মহন্তৰ জন্মদিন। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে কণ্ঠদান কৰে। এককভাৱে কণ্ঠদান কৰাৰ উপৰিও তেওঁ "ইষ্ট ইণ্ডিয়া কোম্পানী" নামৰ এক সংগীত গোষ্ঠী (বেণ্ড)-ৰ লগতো জড়িত।অংগৰাগ মহন্তই প্ৰথমবাৰৰ বাবে নেপথ্য গায়ক হিচাপে কণ্ঠদান কৰে ২০১১ চনৰ অসমীয়া ছবি ৰামধেনুৰ "উজাই যা নৈ" শীৰ্ষক গীতটোত।
তাৰ ঠিক পাছতেই মুক্তি পায় তেওঁ কণ্ঠদান কৰা প্ৰথম হিন্দী ছবি "দম মাৰো দম" (এপ্ৰিল ২০১১)। 'ছবিখনৰ "জীয়ে কিউ" গীতটোৱে সমালোচকৰ প্ৰশংসাৰ লগতে লাভ কৰে বিশাল সফলতা। ইয়াৰ পাছতে পাপনে কেইবাখনো হিন্দী আৰু বঙালী ভাষাৰ ছবিত কণ্ঠদান কৰে। তাৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হৈছে: "চাউণ্ডট্ৰেক" (হিন্দী, ২০১১), "আই এম কালাম" (হিন্দী, ২০১১), "চিষ্টেম" (বঙালী, ২০১১) আদি। পাপনে ভ্ৰাম্যমাণ থিয়েটাৰ নেপথ্য গায়ক হিচাপে পোন প্ৰথমবাৰৰ বাবে গীত গায় ২০১১-১২ বৰ্ষৰ হেঙুল থিয়েটাৰৰ নাট "মৰীচিকা"ত।