জামুগুৰিহাটত নিশাৰ ভাগত ওলাই অহা বন্যহস্তীয়ে বিনষ্ট কৰিছে ধাননি পথাৰ, কৃষকে আধা কেঁচাতে কাটিবলগীয়া হৈছে ধান

 11/24/2021 - 15:46
 
 
 
 
জামুগুৰিহাটঃ জামুগুৰিহাটৰ খেতি পথাৰত চলিছে বন্যহস্তীৰ উপদ্ৰৱ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা নিশাৰ ভাগত ওলাই অহা জাক জাক বন্যহস্তীয়ে জামুগুৰিহাটৰ পশ্চিমাঞ্চলৰ লালেটাপু, দীঘলীচাপৰি, ভৰলীচাপৰি, গতাইমাৰী, ননকে গতাইমাৰী, চকীঘাট, মকুৱাচাপৰিকে ধৰি কেইবাখনো গাঁৱৰ বিস্তীৰ্ণ ধাননি পথাৰত ধান খোৱাৰ লগতে খেচিগুলি তহিলং কৰাৰ উপৰিও ভাঙি পেলাইছে কল গছকে ধৰি বিভিন্ন গছ-গছনিও।
 
বনৰীয়া হাতীৰ ভয়ত এই অঞ্চলৰ ৰাইজে এতিয়া নিশাৰ ভাগত বিনিদ্ৰ ৰজনি কটাবলগীয়া হৈছে। প্ৰত্যেক নিশাই ধাননি পথাৰত প্ৰবেশ কৰি ধান খেতি নষ্ট কৰাৰ ফলত এই অঞ্চলৰ ৰাইজে এতিয়া আধা কেঁচাতে ধান কাটিবলৈ বাধ্য হৈছে। অঞ্চলটোত নিশাৰ ভাগত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে যদিও বন বিভাগে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।