চলন্ত ৰে’লত ভয়ংকৰ অগ্নিকাণ্ড

 11/27/2021 - 15:47
 
 
নিউজ ডেস্কঃ শুকুৰবাৰে আবেলি প্ৰায় ৩ বজাত মধ্য প্ৰদেশৰ মোৰেনাৰ হেটামপুৰত চলন্ত ৰে’লত লাগিল ভীষণ জুই।অগ্নি সংযোগ হোৱা ৰেলখন দূৰ্গ চুপাৰফাষ্ট এক্সপ্ৰেছ বুলি জানিব পৰা যায়।উধমপুৰৰ পৰা দূৰ্গলৈ যোৱা দূৰ্গ চুপাৰফাষ্ট এক্সপ্ৰেছত দুৰ্ঘটনাটো সংঘটিত হৈছিল।মোৰেনাৰ হেটামপুৰৰ ওচৰত প্ৰায় চাৰিটা এচি ডবাত জুই লাগিছিল। জুই লগাৰ পিছত ৰেলখন হেটামপুৰ ষ্টেচনৰ ওচৰত ৰখাই দিয়া হৈছিল।অৱশ্যে যাত্ৰীসকলক সোনকালেই আন ডবালৈ পৃথক কৰা হৈছিল। পৰৱৰ্তী সময়ত মোৰেনা আৰু ঢোলপুৰৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ সক্ষম হয়। কিন্তু কি কাৰণত জুই লাগিছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।গুৰুত্বপূৰ্ণ কথাটো হ’ল, দুৰ্ঘটনাটোত সকলো ৰেল যাত্ৰী সুৰক্ষিতভাৱে ৰক্ষা পৰে। জানিব পৰা মতে, কিছুমান যাত্ৰীয়ে জুই লগাৰ পিছত আতংকিত হৈ চলন্ত ৰেলখনৰ খিৰিকীৰে জঁপিয়াই পৰিছিল। অগ্নিনিৰ্বাপক বাহিনীয়ে ডবাত জুই নুমুৱাবলৈ চেষ্টা কৰিছিল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।