বিহালীৰ আদৰ্শ গাঁও ৰাংছালীত পুথিভঁৰাল আৰু শৰীৰ চৰ্চা কেন্দ্ৰৰ আধাৰশিলা স্থাপন বিধায়ক ৰঞ্জিত দত্তৰ

 11/27/2021 - 19:27
 
 
 
বিহালীঃ শনিবাৰে বিহালী সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্তই অসম আদর্শ গ্রাম যােজনাৰ অধীনত নির্মাণ কৰিবলগীয়া ৰাংছালী আদর্শ গাঁৱৰ পুঁথিভড়াল নির্মাণ কামৰ আধাৰশিলা স্থাপন কৰে। ৰাংছালী ছেন্টাৰত নিৰ্মাণ হ'বলগীয়া পুথিভঁড়ালটো বাবে ইতিমধ্যে মুঠ-১৫,২৪,৬৪৯.০০ টকা আবন্ট দিয়া বুলি প্ৰকাশ কৰে বিধায়ক ৰঞ্জিত দত্তই। ইফালে একে সময়তে বিধায়ক গৰাকীয়ে বিহালী সমষ্টিৰ সন্মানীয় বিধায়ক পঞ্চদশ বিত্তীয় আয়ােগ ২০২১-২২বৰ্ষৰ পুঁজিৰে ৰাংছালী জনতা বাকৰি শৰীৰ চর্চা কেন্দ্র নবীকৰণ আৰু উন্নীতকৰণ কামৰ আধাৰশিলা স্থাপন কৰে।
 
এই শৰীৰ চৰ্চাৰ কেন্দ্ৰটোৰ বাবে ইতিমধ্যে মুঠ ১১,০১লাখ টকা আবন্ট হোৱা বুলি জানিবলৈ দিয়ে। এই আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে বিহালী সমষ্টিৰ নিজ বিহালী জিলা পৰিষদৰ সদস্যা দীপিকা ঢাকাল দেবী, বটিয়ামাৰী গাঁও পঞ্চায়ত সভানেত্ৰী ফুলমণি দাস, নিজ বিহালী গাঁও পঞ্চায়ত সভাপতি প্ৰেম চেত্ৰী, অভিযন্তা ভূপেন বৰুৱা সদৌ ৰাংছালী আৰ্থ সামাজিক উন্নয়ন সমিতিৰ বিষয়ববীয়াকে ধৰি অঞ্চলটো কেইবাজনো বিশিষ্ট ব্যক্তি।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।