11/28/2021 - 12:34
in
বোকাজানঃ কাৰ্বিআংলং জিলাৰ অসম নাগালেণ্ড সীমান্তৰ দিলাই আৰক্ষী চকীৰ অন্তৰ্গত নাহৰজানত চাৰিলাইন যুক্ত পথৰ কাষৰ ভূমিত উচ্ছেদ অভিযান। কাৰ্বিআংলং জিলা প্ৰশাসনে কেইবাঠাইটো উচ্ছেদ অভিযান অব্যাহত ৰাখিছে।
কাৰ্বিআংলং স্বায়ত্ত শাসিত পৰিষদৰ joint secy মাইকেল টিমুং, ডিফুৰ circle ৰ ARO নিলোৎপল ৰংহাং, SK লাংটোক টিমুং,মণ্ডল সকলৰ উপৰিও প্ৰশাসনিক বিষয়া ডিফুৰ ADC আৰু বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাস, দিলাই আৰক্ষীৰ লগতে সামৰিক বাহিনীৰ উপস্থিতিত উচ্ছেদ অভিযান অব্যাহত ৰাখে। অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত চলোৱা উচ্ছেদিত ৰাইজে বিভিন্ন ধৰণৰ আপত্তি দৰ্শোৱা পৰিলক্ষিত হৈছে।
গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে উচ্ছেদিত লোকসকলে আজি সংবাদমাধ্যমৰ আগত উচ্ছেদ অভিযান সম্পৰ্কে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, কিয়নো তেখেতসকলৰ মতে যিসমূহ ঠাইত প্ৰশাসনে আজি উচ্ছেদ অভিযান অব্যাহত ৰাখিছে সেইসমূহত কাৰ্বিআংলং স্বায়ত্ত শাসিত পৰিষদৰ ভূমিপত্তা অৰ্থাৎ খিৰাজ পত্তা থকাৰ উপৰিও উক্ত ভূমিৰ বাবদ স্বায়ত্ত শাসিত পৰিষদক খাজনা দি অহা স্বত্তেও কেনেদৰে উক্ত ভূমি চৰকাৰী বুলি প্ৰশাসনে উচ্ছেদ অভিযান চলালে।
চৰকাৰ তথা প্ৰশাসনে আজি উচ্ছেদ অভিযান চলোৱা নাহৰজানৰ চাৰিলাইনৰ কাষৰ ভূমি সমূহ চৰকাৰী বুলি দাবী কৰি উচ্ছেদ অভিযান চলোৱা পৰিলক্ষিত হৈছে। কিন্তু সঁচাকৈয়ে যদি উক্ত ভূমি চৰকাৰী তেন্তে ব্যক্তিজনে দেখুওৱা ভূমিপত্তা ভুৱা হ’ব লাগিব। উল্লেখযোগ্য যে ব্যক্তিগৰাকীৰ হাতত থকা ভূমিপত্তা কাৰ্বিআংলং স্বায়ত্ত শাসিত পৰিষদে ভুৱা পত্তা প্ৰদান কৰাৰ সন্দেহ ব্যক্ত কৰিছে স্থানীয় ৰাইজে।