11/28/2021 - 13:29
in
জামুগুৰিহাটঃ অহা দহ পোন্ধৰ দিনৰ ভিতৰত আৰম্ভ হ’ব জীয়াভৰলীৰ খনন কাৰ্য৷ ৰাজ্য চৰকাৰে প্ৰথমবাৰৰ বাবে নদী খননৰ বাবে লোৱা এই কামৰ শুভাৰম্ভ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷ এই মন্তব্য মন্ত্ৰী পিয়ুষ হাজৰিকাৰ৷ দেওবাৰে জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰত সুদুৰ মুম্বাইৰপৰা অনা অত্যাধুনিক যন্ত্ৰাংশ সমূহ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কয়-চৰকাৰৰ এই পদক্ষেপৰ জৰিয়তে নদীপৰীয়া লোকসকলক গৰাখহনীয়াৰপৰা ৰক্ষা কৰিবৰ বাবে চেষ্টা কৰা হৈছে৷ প্ৰায় ২০ কোটি টকা ব্যয়ৰে অত্যাধুনিক ড্ৰেজাৰ মেচিন আমাৰ চৰকাৰে ক্ৰয় কৰি আনিছে৷
ইয়াৰোপৰি এই কাৰ্যত সফল হ’লে অনাগত সময়ত অন্যান্য নৈ উপনৈ সমূহতো খনন কাৰ্য চলোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে শীঘ্ৰে আমেৰিকাৰ পৰা অহা দুগৰাকী বিশেষজ্ঞ অভিযন্তাই যন্ত্ৰাংশসমুহ পুংখানুপুংখভাৱে পৰীক্ষা কৰাৰ পাছতেই নদীখনৰ খনন কাৰ্য আৰম্ভ হ’ব৷ পৰিদৰ্শনকালত উপস্থিত থাকি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাই জীয়াভৰলী নদী খননৰ জৰিয়তে জামুগুৰিহাটৰ পশ্চিম প্ৰান্তৰ গৰাখহনীয়া ৰোধ হোৱাৰ লগতে জীয়াভৰলীৰ চকুলো আশীৰ্বাদলৈ ৰূপান্তৰিত হ’ব বুলিও মন্তব্য কৰে৷