প্ৰদীপ দত্ত ৰয়ে অসমীয়া-বাঙালীৰ মাজৰ ভাতৃত্ববোধ বিনষ্ট কৰাৰ প্ৰয়াস কৰিছে- প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়

 11/28/2021 - 18:33
 
 
নিউজ ডেস্কঃ আজি হাইলাকান্দিত এখন সংবাদমেলত প্ৰদীপ দত্ত ৰয়ৰ গ্ৰেপ্তাৰ প্ৰসংগত প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ৰ মন্তব্য- "দেশত এতিয়াও আইন আছে। কোন ব্যক্তি আইনৰ উৰ্ধ্বত নহয়। দোষ কৰিলে শাস্তি পাবই লাগিব।
 
অসমৰ বাবে এয়া এক ছেণ্টিমেণ্ট'ৰ বিষয়। চৰকাৰে এই সন্দৰ্ভত স্পষ্ট স্থিতি গ্ৰহণ কৰিছে।দেওবাৰে হাইলাকান্দি জিলা ক্ৰীড়া সংস্থাৰ সভাকক্ষত সংবাদমেল আয়োজন কৰি গৌতম ৰয়ে কয়, 'অসমৰ নাগৰিকসকলৰ মনত বৰাকৰ বাংলা ভাষাভাষী লোকৰ বিৰুদ্ধে কোনো বিৰূপ মনোভাব নাই।
 
আৰু সেই কাৰণেই মই এগৰাকী বাঙালী হৈ দীৰ্ঘ ১৯ বছৰ অসম ক্ৰিকেট সংস্থাৰ সভাপতিৰ দায়িত্ব প‍ালন কৰিবলৈ সক্ষম হৈছো। কিন্তু প্ৰদীপ দত্ত ৰয়ৰ নিচিনা ব্যক্তি সকলৰ বাবে এই ভাতৃত্ববোধ বিনষ্ট হ'ব পাৰে।' 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।