11/29/2021 - 16:36
in
মানকাচৰঃ ড্ৰাগচ সৰবৰাহকাৰীজনৰ লগত এটা মোবাইল ফোন, YAMAHA MT-15 বাইক আৰু নগত ধন ৩৭৯০০ টকা আৰক্ষীয়ে জব্দ কৰিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ উপ আৰক্ষী অধীক্ষক ছাতখোকাই চাংছানৰ নেতৃত্বত এক গোপন সুত্ৰৰ পম খেদি নিচাজাতীয় টেবলেটসহ ড্ৰাগচ ব্যৱসায়ীজনক আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ব্যক্তি গৰাকী হ’ল মানকাচৰ থানাৰ অন্তৰ্গত মানকাচৰৰ ২ নং পূবেৰ গাঁৱৰ সুৰজ মিঞা (৩৫) বুলি জানিব পৰা গৈছে। ব্যক্তিজনক এতিয়া অধিক তথ্যৰ বাবে খাৰুৱাবান্দা আৰক্ষী চকীত জেৰা অব্যাহত ৰাখিছে।