11/30/2021 - 17:24
in
গোলাঘাটঃ মানৱ জাতিক লজ্জানত কৰা এক অমানৱীয় ঘটনাই জোকাৰি গ'ল সমগ্ৰ অসম। সোমবাৰে দিনৰ ভাগত প্ৰায় ৫০ জন মান মানৱৰূপি দানৱে অনিমেষ ভূঞাৰ ওপৰত জপিয়াই পৰে। যোৰহাটৰ ৰাজপথত মৰিয়াই মৰিয়াই হত্যা কৰে গোলাঘাট জিলা ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাক।
এই ঘটনাত নৰপিশাচৰ আক্ৰমনত প্ৰতিদিন টাইমৰ সাংবাদিক মৃদুষ্মন্ত বৰুৱা আৰু সতীৰ্থ প্ৰনয় দত্তও আহত হয়। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সকলোৱে ধিক্কাৰ জনাইছে। দোষীক কঠুৰতকৈও কঠুৰ হাস্তিৰ দাবী জনাইছে মৰঙি আঞ্চলিক ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়েও। হাতত প্লে'কাৰ্ড লৈ প্ৰতিবাদী সমদল কৰা দেখা গ'ল ছাত্ৰ সমাজক। হত্যাকাৰীক ফাঁচি দিয়ক, অনিমেষ ভূঞা ন্যায় পাব লাগিব, হত্যাকাৰীক শাস্তি দিয়ক আদি বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। দোষীয়ে কোনো কাৰণত যাতে আইনৰ হোৰুঙাৰে সাৰি যাব নোৱাৰে তাৰ কাৰনেও চৰকাৰলৈ আহ্বান জনাইছে।