12/01/2021 - 12:45
in
চাপৰঃ চাপৰ-শালকোছা উন্নয়ণ খণ্ডৰ অধীনস্থ হাতীপোতা গাঁও পঞ্চায়ত কাৰ্য্যালয়ৰ প্ৰাংগণত দিব্যাংগ সকলৰ মাজত বিভিন্ন প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰে। চাপৰ শালকোচা ব্লক দিব্যাংগ সন্মিলনৰ উদ্যোগত ENGINEERS INDIA LIMITED (EIL)আৰু ARTIFICIAL LIMBS MANUFACTURING CORPORATION OF INDIA (ALIMOC) ৰ সহযোগত ধুবুৰী জিলা বিভিন্ন প্ৰান্তৰ প্ৰায় ৪৩৮ জন দিব্যাংগ হিতাধিকাৰীৰ মাজত হুইল চিয়াৰ, ষ্ট্ৰাইক লাঠি, কাণৰ যন্ত্ৰ স্মাৰ্ট ফোন, আদিকে ধৰি বিভিন্ন সা-সুজলি ২২ প্ৰকাৰৰ দিব্যাংগসকলক মাজত সা-সজুলি বিতৰণ কৰিব বুলি সন্মিলনীৰ কৰ্মকৰ্তাসকলে জানিবলৈ দিয়ে।
হাতীপোতাত ৫০ গৰাকী হিতাধিকাৰীৰ মাজত এই সামগ্ৰী প্ৰদান কৰে। দিব্যাংগ সকলৰ মাজত সামগ্ৰী বিতৰণ উপলক্ষে এখন সভা অনুষ্ঠিত হয় উক্ত সভাত বিলাসীপাৰা পুব সমষ্টিৰ বিধায়ক ছামছূল হুদা উপস্থিত থকাৰ লগতে EIL আৰু ALIMOC উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে।