12/01/2021 - 16:04
in
চাপৰঃ আজি বিশ্ব এইডছ দিৱস উপলক্ষে ৰত্নপীঠ মহাবিদ্যালয় প্ৰাংগনত সজাগতা শিবিৰ অনুষ্ঠিত হয়। এইডছ বেমাৰত আক্ৰান্ত হোৱা ব্যক্তিক বৈষম্য আঁতৰাই ভয়াবহতা শেষ কৰক বুলি এখন বাটৰ নাট অনুষ্ঠিত কৰে৷ যুৱ প্ৰজন্ম মাজত এই ভয়াবহতা প্ৰতিৰোধ আৰু শেষ কৰাৰ লক্ষ্যৰে NSS গোটৰ উদ্যোগত আজি বিশ্ব এইডছ দিৱস পালন কৰা হয়।
ৰাজ্যত এইডছ ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ওপৰত লক্ষ্য ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতামূলক সভাৰ মাজেদি প্ৰতিৰোধ কৰাৰ প্ৰচাৰ চলায়। উক্ত সজাগতা সভাত উপস্থিত থাকে চাপৰ চিকিৎসালয়ৰ বিশিষ্ঠ চিকিৎসক ড: আবুল কালাম আজাদৰ লগতে ৰত্নপীঠ মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু প্ৰবক্তাসকল৷