হেলমেট পৰিধান নকৰা মটৰচাইকেল আৰোহীৰ বিৰুদ্ধে অভিযান ডুমডুমা আৰক্ষীৰ, যানজঁট সৃষ্টি কৰা প্ৰায় ২০ খন ই-ৰিক্সা জব্দ

 12/01/2021 - 17:07
 
 
ডুমডুমাঃ ৰাজ্যত ১ডিচেম্বৰৰ পৰা মটৰচাইকেলত যাত্ৰা কৰা চালকসহ আৰোহীয়ে হেলমেট পিন্ধাটো বাধ্যতামূলক কৰাৰ পৰিপেক্ষিতত আজি ডুমডুমাত সষ্টম হৈ পৰে ডুমডুমা আৰক্ষী৷ ডুমডুমা চহৰৰ মাজমজিয়াত ডুমডুমা আৰক্ষী থানাৰ আৰক্ষী বিষয়া অসিম বড়াৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে হেলমেট পৰিধান নকৰা মটৰচাইকেল চালক বা আৰোহীৰ বিৰুদ্ধে জৰিমনা বিহাৰ লগতে বহুকেইখন মটৰচাইকেল জব্দও কৰে৷ সমান্তৰালভাৱে ডুমডুমা চহৰত যানজঁট সৃষ্টি কৰা প্ৰায় ২০খন ই-ৰিক্সা জব্দ কৰি ডুমডুমা থানালৈ নিয়ে আৰক্ষীয়ে৷ নথিপত্ৰ বিহিনভাবে চহৰত চলা-ফুৰা কৰা উক্ত ই-ৰিক্সাৰ বিৰুদ্ধে তিনিচুকীয়া পৰিবহণ কাৰ্যালয়ৰ লগত যোগাযোগ কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰা হব বুলি জানিবলৈ দিয়াৰ লগতে ডুমডুমাত হেলমেট পৰিধান নকৰা চালক, আৰোহীৰ লগতে ই-ৰিক্সা সমুহৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি ডুমডুমা থানাৰ আৰক্ষী বিষয়া অসিম বড়াই জানিবলৈ দিয়ে৷ 
 
     
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।