12/01/2021 - 18:17
in
গোলাঘাটঃ গোলাঘাট জিলা এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত আজি পৌৰ সভাৰ কাৰ্যালয়ৰ সভাকক্ষত বিশ্ব এইডছ দিৱস উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত অংশ লৈ উজনি অসমৰ আয়ুক্ত সিদ্ধাৰ্থ সিঙে কয় যে এইডছৰ বিৰুদ্ধে ব্যাপক জনসজাগতা সৃষ্টিৰ প্ৰয়োজন আছে। এইক্ষেত্ৰত মহাবিদ্যালয়সমূহত এইডছ সম্পৰ্কীয় আলোচনাচক্ৰ, সভা আদি অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰিবলৈ তেওঁ আহ্বান জনায়।
ভাৰতত এইডছত আক্ৰান্ত লোকৰ হাৰ মুঠ জনসংখ্যাৰ দশমিক ২ শতাংশ বুলি উল্লেখ কৰি তেওঁ কয় যে ছাত্ৰছাত্রীসকলে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক এই সন্দৰ্ভত বিশেষভাৱে সজাগ কৰাৰ ক্ষেত্ৰত গুৰুদায়িত্ব বহন কৰিব পাৰে। এইডছৰ বিৰুদ্ধে যুঁজ দিবলৈ কোনো অকৰ্তৃত্বশীল উৎসৰ পৰা তেজ নল'বলৈ তেওঁ ৰাইজৰ প্ৰতি আহ্বান জনায়।
অনুষ্ঠানত জিলা উপায়ুক্ত মৃগেশ নাৰায়ণ বৰুৱাই কয় যে এইডছত আক্ৰান্ত হ'লেও হতাশ হোৱাৰ কাৰণ নাই। এইডছ আক্ৰান্ত লোকসকলক সমাজৰ মূল সুঁতিৰ পৰা আঁতৰাই নথৈ তেওঁলোকক আমিয়েই সুন্দৰ জীৱনৰ পথ দেখুৱাই দিব লাগিব বুলি তেওঁ মন্তব্য কৰে। তেওঁ এই ৰোগৰ বিৰুদ্ধে ঐক্যবদ্ধভাৱে যুঁজ দিবলৈ ব্যাপক সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰে।
অনুষ্ঠানত কেইবাগৰাকীও জ্যেষ্ঠ চিকিৎসক ডাঃ তৌফিক হুছেইন, ডাঃ ৰূপক বৰা, ডাঃ ৰবীন তামুলী, ডাঃ ৰঞ্জিত হাজৰিকা আদিয়ে এইডছৰ ভয়াৱহতা আৰু ইয়াৰ বিৰুদ্ধে কেনেকৈ যুঁজ দিব লাগিব এই বিষয়ে ব্যাখ্যা আগবঢ়ায়। অনুষ্ঠানত অংশ লৈ জ্যেষ্ঠ নাগৰিক জিয়াজ্যোতি গগৈয়ে যোগাভ্যাস আৰু ল'ৰা-ছোৱালীৰ মাজত কিছুমান বিষয় মুকলিকৈ পাতিলে এইডছ নিয়ন্ত্ৰণত যথেষ্ট সহায় হ'ব বুলি মত প্ৰকাশ কৰে।
অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত মুন গগৈ, মহকুমাধিপতি (সদৰ) ডঃ সংগীতা বৰঠাকুৰ আৰু ভালেসংখ্যক চিকিৎসক, নাৰ্ছ আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশ লয়। অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে জিলা এইডছ নিয়ন্ত্ৰণ বিষয়া ডাঃ সুনীতা এক্কাই। অনুষ্ঠানটোত ৰণ্ডিয়া য়ুথ চেণ্টাৰে সহযোগিতা আগবঢ়ায়।ইয়াৰ পূৰ্বে বিশ্ব এইডছ দিৱস উপলক্ষে গোলাঘাট জিলা এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত গোলাঘাট নগৰৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা পৌৰ সভাৰ কাৰ্যালয়লৈকে এটা সজাগতা শোভাযাত্ৰা উলিওৱা হয়। সমদলত চিকিৎসক, নাৰ্ছ, স্বাস্থ্যকর্মী, এন চি চি কেডেট, এন এছ এছ আৰু ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। গোলাঘাট জিলা ও সত্ৰ ন্যায়াধীশ শ্ৰী বিনোদ কুমাৰ চণ্ডকে এই শোভাযাত্ৰা পতাকা জোকাৰি শুভাৰম্ভ কৰে।