পুনৰ দ খাৱৈত আবদ্ধ ছয়টাকৈ বনৰীয়া হাতী

 12/03/2021 - 12:50
 
 
 
লক্ষীপুৰঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ অধীনস্থ বিভিন্ন অঞ্চলত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। মেঘালয়ৰ পৰা নামি অহা এটা বন্যহস্তীৰ বৃহৎ জাক বিগত এক ডেৰ বছৰৰ পৰা লক্ষীপুৰৰ বিভিন্ন অঞ্চলত চলাই আহিছে তাণ্ডৱ, উল্লেখ্য যে, যোৱা ২ নবেম্বৰ তাৰিখে ৫ টাকৈ হাতী চৌবাড়ী অঞ্চলৰ এটা পুখুৰীৰ দখাৱৈত পৰি দীর্ঘসময় ধৰি আবদ্ধ থকাৰ পিছত বনবিভাগৰ লোকে উদ্ধাৰ কৰাৰ পিছত, যোৱা ৰাতি পুনৰ ৬ টাকৈ হাতী একেখন পুখুৰীৰ দখাৱৈত পৰি আবদ্ধ হৈ পৰে। লক্ষীপুৰ আঞ্চলিক বন বিভাগৰ লোক ঘটনাস্থলীত হয় যদিও এতিয়ালৈকে হাতী ৬ টাক উদ্ধাৰ কৰা হোৱা নাই বুলি সদৰি কৰে লক্ষীপুৰ আঞ্চলিক বনবিভাগৰ লোকে। 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।