12/03/2021 - 17:50
in
কামপুৰঃ "হৰ ঘৰ দস্তক" মেগা টীকাকৰণ অভিযান শেষ হ’বলৈ দুটা দিন বাকী থকাৰ অৱস্থাত এই কাৰ্যসূচীত জড়িত সকলো লোকেই এশ শতাংশ টীকাকৰণ সম্পূৰ্ণ কৰাৰ লক্ষ্যৰে ব্যাপক তৎপৰতা লৈছে কঠিয়াতলী মহকুমা স্বাস্থ্য বিষয়াৰ কাৰ্যলয়ৰ অন্তৰ্গত কচুৱাৰ আদৰ্শ চিকিৎসালয়ৰ অন্তুৰ্গত বিভিন্ন এলেকাত। উল্লেখ্য যে ক'ভিড-১৯ৰ প্ৰথম পালি টীকাকৰণ ১০০ শতাংশ সম্পূৰ্ণ কৰাৰ উদ্দেশ্যে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো "হৰ ঘৰ দস্তক" অভিযানৰ অধীনত ২৯ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈকে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হৈছে। নিজৰ লগতে আনকো সুৰক্ষিত কৰি ৰাখিবৰ সকলোকে ভেকচিন লবৰ বাবে আহ্বান কৰিছে স্বাস্থ্যকৰ্মীসকলে।