12/04/2021 - 12:15
in
মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা পৌৰসভাই স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ডে বিনষ্ট কৰিছে মাৰ্ঘেৰিটা নিউকলনীৰ সামাজিক পৰিৱেশ৷ প্ৰায় ৭০ টা পৰিয়ালে বসবাস কৰা মাৰ্ঘেৰিটা নিউকলনীৰ জনবহুল এলেকাত মাৰ্ঘেৰিটা পৌৰসভাই দীৰ্ঘদিন ধৰি এক ডাম্পিং গ্ৰাউণ্ড হিচাপে ব্যৱহাৰ কৰি অহাত এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ৷
অচিন ৰোগ দেখা দিছে বিভিন্ন জনৰ দেহত, লগতে আৱৰ্জনা সমূহৰ দুৰ্গন্ধই পৰিৱেশ বিনষ্ট কৰাত এতিয়া স্থানীয় ৰাইজ যথেষ্ট চিন্তিত হৈ পৰিছে৷ বিভিন্ন সময়ত ৰাইজে এই সন্দৰ্ভত মাৰ্ঘেৰিটা পৌৰসভাক আপত্তি দৰ্শাই আহিছে যদিও মাৰ্ঘেৰিটা পৌৰসভাই ৰাইজৰ আপত্তিক আওকান কৰি অহাৰ অভিযোগ উঠিছে৷ ৰাইজৰ দাবী! অতি শীঘ্ৰেই মাৰ্ঘেৰিটা পৌৰসভাই স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ড অন্য স্থানলৈ স্থানান্তৰ কৰিবলৈ অন্যথা ৰাইজে ইয়াৰ বিপক্ষে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হব বুলি অৱগত কৰে।