গুৱাহাটীঃ গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম সাংস্কৃতিক পৰিষদৰ উদ্যোগত "গোষ্ঠীগত বিভেদ-বিদ্বেষৰ বিপৰীতে সমন্বয়ৰ সন্ধান" শীৰ্ষক এখনি মনোজ্ঞ আলোচনা চক্ৰ অনুষ্ঠিত হৈ যায়।
বিশিষ্ট শিল্পী কুল বৰুৱাই সঞ্চালনা কৰা আলোচনা চক্ৰখনিত মুখ্য আলোচক হিচাপে উপস্থিতত থাকে বিশিষ্ট সাংবাদিক নৱ ঠাকুৰীয়া, সাহিত্য প্ৰভাকৰ চন্দ্ৰধৰ কলিতা, গল্পভাস্কৰ ৰিজু হাজৰিকাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি।
আলোচনা চক্ৰৰ অন্তত গ্ৰহণ কৰা প্ৰস্তাৱ সমূহ ক্ৰমে-
১/ ডঃ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজী বিশ্বৰ প্ৰেক্ষাপটত সংৰক্ষণ-সম্প্ৰসাৰণৰ ব্যৱস্থা গ্ৰহণ কৰি মৰণোত্তৰ ভাৱে ন'বেল বঁটা লাভৰ বাবে প্ৰয়োজনীয় সকলো উদ্যোগ গ্ৰহণ কৰা।
২/ অসমৰ সকলো জনগোষ্ঠীয় সাহিত্য সভাসমূহক একত্ৰিত কৰি আৰু প্ৰত্যেক জনগোষ্ঠীৰ আটাইতকৈ বয়োজ্যেষ্ঠ শিক্ষিত ব্যক্তিগৰাকীক আমন্ত্ৰণ জনাই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত "গোষ্ঠীগত বিভেদ-বিদ্বেষৰ বিপৰীতে সমন্বয়ৰ সন্ধান" শীৰ্ষক এখনি ঘূৰণীয়া মেজমেল অনুষ্ঠিত কৰি ভাষণৰ প্ৰতিবেদনসমূহ গ্ৰন্থ হিচাপে প্ৰকাশ কৰি শদিয়াৰ পৰা ধুবুৰী লৈ, ভৈৰৱ কুণ্ডৰ পৰা মেন্দী পথাৰলৈ গ্ৰন্থসমূহৰ প্ৰসাৰৰ ব্যৱস্থা গ্ৰহণ কৰা।
৩/ ভাষা শিকাৰ আন্দোলন আৰম্ভ কৰা, কাৰ্বিভূমিৰ পৰা বড়ো ভূমিলৈ, মিছিং চাংঘৰৰ পৰা ৰাভাৰ বৰঘৰলৈ সকলো জনজাতি,জনগোষ্ঠীৰ ভাষা শিকাৰ এক আন্দোলন।
৪/ জনগোষ্ঠীয় ভাষাত নাট মহোৎসৱ আয়োজন কৰা। য'ত থাকিব সমন্বয়ৰ বাৰ্তা। সমন্বয়ৰ স্বাৰ্থত সাংস্কৃতিক বৰঅসমৰ ভেটি শক্তিশালী কৰিবলৈ ৰাইজৰ সহযোগিতা কামনা কৰিছে সদৌ অসম সাংস্কৃতিক পৰিষদে।
যোগাযোগ-৭০৮৬৫২২৫৫৮