12/04/2021 - 16:57
in
কলগাছিয়াঃ বৰপেটা জিলাৰ কলগাছিয়া কৃষি চক্ৰৰ অন্তৰ্গত দাৱনদিয়া গাঁৱৰ এজন দৰিদ্ৰ কৃষক আবুল কালামে বন্ধন গোট আৰু ব্যক্তিগত মহাজনৰ পৰা ৭০ হাজাৰ টকা ঋণ লৈ ডেৰ বিঘা বিলাহী খেতি কৰিছিল। মনত বিশাল আশা বান্ধি লৈ মূৰৰ ঘাম মাটিত পেলাই পৰিয়ালৰ সকলো সদস্যই দিনে নিশা হাড়ভঙা পৰিশ্ৰম কৰি গঢ়ি তুলিছিল খেতি ডৰা।
খেতিত সম্প্ৰতি জাকে জাকে বিলাহী লাগিছে। সন্মুখত মাত্ৰ কেইটামান দিন বাকী বিলাহী বুটলিবলৈ। এনে সময়ত নিশাৰ অন্ধকাৰত কোনোবা অমানু পাষণ্ড দুষ্কৃতিকাৰীয়ে অধিকাংশ বিলাহী গছ কাটি তহিলং কৰিলে সপোনৰ খেতি ডৰা।
এই ঘটনাত হৃদয় ভাগি গৈছে কালামৰ পৰিয়ালৰ। ঋণত ভাৰাক্ৰান্ত হৈ পৰিছে কালাম আৰু তেওঁৰ পত্নী। চাৰিগৰাকী সন্তানসহ ৬ জনীয়া পৰিয়ালটোৰ একমাত্ৰ ভৰষা এই খেতি ডৰা তচনচ হৈ গল। ভুক্তভোগী আৰু ৰাইজে আবুল কালামৰ পৰিয়ালক আত্মহত্যাৰ পথ বাছি লোৱাৰপৰা ৰক্ষা কৰাৰ স্বাৰ্থত আৰ্থিক ক্ষতিপূৰণ আৰু দোষীক বিচাৰি উলিয়াই কঠোৰ শাস্তি বিহিবলৈ দাবী কৰিছে।