গাঁওৰক্ষী বাহিনী গঠনক‌ লৈ স্থানীয় ৰাইজৰ তীব্ৰ প্ৰতিবাদ

 12/05/2021 - 12:21
 
 
 
লাহৰীঘাটঃ মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অৰ্ন্তগত উদকাটী গাঁৱত অবৈধভাৱে গাঁওৰক্ষী বাহিনী গঠনক কেন্দ্ৰ কৰি অঞ্চলজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। আজি স্থানীয় ৰাইজে অবৈধ VDP কমিটীখন ভংগ কৰক, ভিডিপিৰ নামত দুৰ্নীতি বন্ধ কৰক আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। বছৰ বছৰ ধৰি এটি পৰিয়ালে স্থানীয় ৰাইজক অন্ধকাৰত ৰাখি অবৈধভাৱে গাঁওৰক্ষী বাহিনী গঠন কৰি অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। বিতৰ্কিত গাঁওৰক্ষী বাহিনীখন বহিঃসমষ্টিত নীতি বহিৰ্ভূতভাৱে নিজ খেয়াল খুচিমতে গঠন কৰাৰ অভিযোগ উত্থাপন কৰিছে নৱগঠিত সমিতিৰ এগৰাকী সদস্যই।
 
ইয়াৰোপৰি অসামাজিক কাৰ্যকলাপত জড়িত লোকক লৈ সমিতি গঠন কৰাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে, নৱগঠিত গাঁওৰক্ষী বাহিনীৰ সভাপতিজন সম্প্ৰতি মৰিগাঁও জেল হাজোতৰ আলহী হৈ আছে। গাওঁৰক্ষী বাহিনী গঠন সন্দৰ্ভত স্থানীয় ৰাইজে মৰিগাঁও আৰক্ষী অধীক্ষক, লাহৰীঘাট থানাৰ আৰক্ষী বিষয়াকে আদি কৰি সংশ্লিষ্ট বিভাগক লিখিতভাৱে অভিযোগ দাখিল কৰিছে যদিও কোনো ধৰণৰ সুফল লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।