12/05/2021 - 13:43
in
ৰঙিয়াঃ ৰঙিয়াৰ সমীপৰ বাক্সা জিলাৰ চিকনীবাৰত দেওবাৰে পুৱাৰ ভাগত স্থানীয় ৫০ উৰ্ধৰ মহিলা এগৰাকীৰ মৃতদেহ হাত-ভৰি বন্ধা অৱস্থাত উদ্ধাৰ হয়। বৰলীয়া নৈৰ দাঁতিত উদ্ধাৰ হোৱা মহিলাগৰাকীক পিচত উক্ত অঞ্চলৰে মৰিয়ম বেগম বুলি চিনাক্ত কৰা হৈছে।
মহিলাগৰাকীৰ মৃতদেহটোৰ দেহৰ বিভিন্ন ঠাইত আঘাটৰ চিন স্পষ্ট হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি মহিলাগৰাকীক কোনো দুৰ্বৃত্তই ধৰ্ষণ কৰি মাৰি পেলোৱা বুলি ধাৰণা কৰা হৈছে।
ইফালে স্থানীয় সচেতন ৰাইজে ঘটনা সম্পৰ্কত তামুলপুৰ আৰক্ষীক খবৰ দিয়াত বহু পলমকৈ গান্ধীবাৰী উপ আৰক্ষী চকিৰপৰা আৰক্ষী আহি উপস্থিত হোৱাত ৰাইজ উত্তেজিত হৈ পৰে।
চিকনীবাৰ অঞ্চলত এনেদৰে এজন সাধাৰণ মহিলাক দুৰ্বৃত্তই হত্যা কৰা ঘটনাৰ উচিত তদন্ত বিচাৰিছে এবিএমছুৰ লগতে স্থানীয় ব্যক্তিসকলে।