12/05/2021 - 19:28
in
জামুগুৰিহাটঃ ৰাজ্যজুৰি হৰ ঘৰ দস্তক কাৰ্যসূচী পূৰ্ণগতিত চলি আছে৷ এশ শতাংশ ক'ভিড ভেকচিন প্ৰদানৰ লক্ষ্যৰে "হৰ ঘৰ দস্তক" কাৰ্যসূচীত চিকিৎসক, স্বাস্থ্যকৰ্মী, আশাকৰ্মী, গাঁওবুঢ়াসকলকে ধৰি সকলো ব্যস্ত হৈ পৰাৰ সময়তে সন্মুখীন হৈছে কেতবোৰ অহেতুক পৰিস্থিতিৰ৷
একাংশ ভেকচিন ল’বলৈ অনিচ্ছুক লোকৰ কাষত উপস্থিত হ’বলগীয়া হৈছে জনপ্ৰতিনিধিসকলো৷ জামুগুৰিহাটৰ টৌভঙা তৰাজান গাঁৱতো ভেকচিন ল’বলৈ অনিচ্ছুক কেইবাগৰাকীও লোকক আজি (দেওবাৰে) চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা নিজে উপস্থিত থাকি বিভিন্ন প্ৰকাৰৰ বুজনি আৰু চতুৰ কৌশলেৰে ভেকচিন প্ৰদান কৰিবলৈ সক্ষম হয়৷
চৰকাৰী কাৰ্যসুচীত জনপ্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি এইদৰে ভেকচিন নোলোৱা লোকক এইদৰে বুজনি দি ভেকচিন লোৱাৰ বাবে সৈমান কৰোৱা কাৰ্যই স্বাস্থ্যকৰ্মীসকলকো উৎসাহিত কৰি তুলিছে৷ভেকচিন লোৱাৰ ক্ষেত্ৰত অনিচ্ছুক ব্যক্তিসকলৰ মাজৰে তৰাজান গাঁৱৰ এগৰাকী আশি উৰ্দ্ধৰ ব্যক্তিসহ চাৰি গৰাকীক আজি বিধায়ক গৰাকীয়ে হাতজোৰ কৰি ভেকচিন লবলৈ অনুৰোধ জনোৱা দেখা গল৷ বিধায়ক গৰকীয়ে জানিবলৈ দিয়া মতে চতিয়া সমষ্টিত এশ শতাংশ ভেকচিন প্ৰদান সম্পূৰ্ণ হবলৈ বাকী থকা সকলকো আজি সম্পূৰ্ণ কৰা হ’ল৷