12/06/2021 - 12:42
in
চাপৰঃ চাপৰৰ ৰৌমাৰী ২য় খণ্ড গাঁৱত ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচী। এখন পকী দলং নিৰ্মাণৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী। বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। যাতায়তৰ নামত আজিও যমৰ যাতনা ভূগিছে গঞা ৰাইজে। এখন বাঁহৰ দলঙে ৰৌমাৰী দ্বিতীয় খণ্ড গাঁৱৰ লগতে ছয়খন কৈ গাঁৱৰ গঞা ৰাইজক জ্বলা-কলা খুৱাইছে।
ম'ৰা চম্পাৱতী নৈৰ ওপৰত আছে এইখন বাঁহৰ দলং। বিপদ সংকুল পৰিৱেশৰ মাজত দৈনিক অহা যোৱা কৰে ছাত্ৰী-ছাত্ৰী লগতে শ শ লোক। কানষাৰ নাই কোনো এজন জন প্ৰতিনিধিৰ। ২৭ নং বিলাসীপাৰা পূৱ সমষ্টিৰ অন্তৰ্গত চাপৰ পৌৰ সভাৰ সংলগ্ন ৰৌমাৰী দ্বিতীয় খণ্ডৰ গাঁৱৰ চাপৰ সংযোগী বাঁহৰ দলঙৰ ওপৰেৰে বহু বছৰ ধৰি বিপদ সংকুল পৰিৱেশৰ মাজেৰে দৈনিক অহা যোৱা কৰি আছে স্থানীয় ৰাইজ।
নিৰ্বাচনৰ সময়ত বহু জন প্ৰতিনিধিয়ে আহে আৰু বহু প্ৰতিশ্ৰুতি দি থৈ যায় কিন্তু নিৰ্বাচন শেষ হৈ যোৱাৰ পিছত কোনো জন প্ৰতিনিধিৰ যেন সময় নোহোৱা হৈ যায়। দীৰ্ঘদিনৰ পৰা ৰাইজে এই দলংখন পকী দলং কৰি দিবলৈ অসম চৰকাৰক অনুৰোধ জনাই আহিছে। উল্লেখযোগ্য যে এই দলংখনৰ পৰা পানীত পৰি দুৰ্ঘটনাগ্ৰস্থ বহুলোক আঘাতপ্ৰাপ্ত হোৱাৰ লগতে এজন আদৰ্শবান শিক্ষক অকাল মৃত্যুক সাৱটিব লগা হৈছিল।