12/06/2021 - 15:21
in
ডুমডুমাঃ তিনিচুকীয়া জিলাৰ ফিল'বাৰী আৰক্ষী থানাৰ অন্তৰ্গত ১ নং পিঠাগুটি পথাৰ গাঁৱৰ দেৱজিৎ মৰাণ নামৰ এগৰাকী ছাত্ৰ নেতা শনিবাৰে নিশা শোৱাপাটীৰ পৰা সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতেই চাঞ্চল্যৰ সৃষ্টি হৈ থকাৰ মাজতেই আজি পুৱা ঘৰত উপস্থিত হয়।
গাঁওখনৰ উদীয়মান যুৱক তথা সদৌ মৰাণ ছাত্ৰ সন্থাৰ ফিল'বাৰী আঞ্চলিক সমিতিৰ অন্তৰ্গত আমগুৰি-নাজিৰাটিং শাখাৰ সভাপতি দেৱজিৎ মৰাণ শোৱাপাটীৰ পৰা সন্ধানহীন হৈ আছিল। ইফালে, দেৱজিতে জানিবলৈ দিয়া অনুসৰি, শনিবাৰে নিশা চোকা অস্ত্ৰ দেখুৱাই মুখেৰে মাত নামাতিবলৈ ভাবুকি দি ঘৰৰ পৰা উঠাই লৈ গৈছিল৷
দুদিন কোনো অজ্ঞাত স্থানৰ গাঁতত লুকুৱাই ৰাখিছিল ছাত্ৰ নেতা গৰাকীক৷ অপহৰণকাৰীয়ে কোনো কাৰণ জনোৱা নাছিল বুলি প্ৰকাশ কৰিছে দেৱজিতে৷ দেৱজিতৰ চকুত ক'লা কাপোৰ বান্ধি ৰাখিছিল অপহৰণকাৰীয়ে আৰু আজি পুৱা ৪:৩০বজাত ঘৰলৈ অহা পথত থৈ যায় বুলি উল্লেখ কৰে৷
ফিল'বাৰী আৰক্ষী থানাৰ এটা দলে ঘৰৰ পৰা দেৱজিতক চিকিৎসাৰ বাবে ফিল'বাৰী আদৰ্শ চিকিৎসালয়লৈ লৈ আহে আৰু সমগ্ৰ বিষয়টোৰ ওপৰত তদন্ত প্ৰক্ৰিয়া চলাই আছে। তদন্তৰ পিছতেই প্ৰকৃত তথ্য পোহৰলৈ আহিব বুলি ৰাইজে আশা কৰিছে।