বৰপেটাত নাৰী নিৰ্যাতন ৰোধৰ লক্ষ্যৰে বৃহৎ সমদল

 12/06/2021 - 17:53
 
 
বৰপেটাঃ বৰপেটাত নাৰী নিৰ্যাতন ৰোধৰ লক্ষ্যৰে বৃহৎ সমদল। হাতে হাতে প্লে কাৰ্ড লৈ জিলা উপায়ুক্তৰ সন্মুখেৰে এই সমদল। মহিলা সবলীকৰণৰ লক্ষ্যৰে লোৱা এই সমদলত মহিলাসকলে বাল্যবিবাহ বন্ধ কৰক, নাৰী নিৰ্যাতন বন্ধ কৰক, মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব দিয়ক, নাৰী শিক্ষাৰ প্ৰসাৰতা বৃদ্ধি কৰক আদি শ্ল’গান দিয়ে।
 
এই সমদলৰ ফ্লেগ অফ কৰাৰ পূৰ্বে জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে ৰেলিৰ তাৎপৰ্য ৰেলিত অংশগ্ৰহণ কৰাসকলে বুজা উচিত বুলি কয়। ইয়াৰ লগতে তেওঁ কয় যে ৰেলিত অংশগ্ৰহণ কৰাসকলে ৰেলিৰ তাৎপৰ্য অনুধাৱন কৰিব নোৱাৰিলে সেই ৰেলিৰ জৰিয়তে নিজৰ লগতে সমাজৰ কোনো হিত সাধন নহয়।
 
এই কথা বুজাতো সকলোৰে প্ৰয়োজন। চৰকাৰী নিৰ্দেশনাক মনৰ নিৰ্দেশনা হিচাপে লৈ আমি সামাজিক কাম-কাজত আগবঢ়া উচিত। জিলা সমাজক কল্যাণ বিভাগৰ উদ্যোগত উলিওৱা হয় এই কাৰ্যসূচীত অতিৰিক্ত উপায়ুক্ত ক্ৰমে নৱজিৎ পাঠক আৰু লখিমী দত্তসহ জিলা সমাজ কল্যাণ বিষয়াৰ লগতে অংগনবাদী কৰ্মী সহায়িকাসকল উপস্থিত থাকে৷
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।