আজি নাগালেণ্ডৰ বৰ্বৰ ঘটনাক লৈ উত্তাল লোকসভা, ৰাজ্যখনৰ ইতিহাসত ক'লা দিন আখ্যা গৌৰৱ গগৈৰ

 12/06/2021 - 18:34
 
 
 
 
নিউজ ডেস্কঃ সোমবাৰে নাগালেণ্ডৰ বৰ্বৰ ঘটনাক লৈ উত্তাল হৈ পৰে লোকসভা। ১৫ জনকৈ নিৰীহলোকক গুলীয়াই হত্যা কৰা ঘটনাক তীব্ৰভাৱে গৰিহণা দিয়ে কংগ্ৰেছী সাংসদ গৌৰৱ গগৈয়ে। লগতে এই হত্যাকাণ্ডৰ বাবে চোৰাংচোৱাৰ ব্যৰ্থতাক দোষাৰোপ কৰে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদগৰাকীয়ে। গৌৰৱ গগৈয়ে কয় যে, “সকলোৰে মনত প্ৰশ্ন উত্থাপিত হৈছে যে কেনেকৈ নিৰস্ত্ৰ নাগৰিকসকলৰ এটা গোটক কট্টৰ উগ্ৰপন্থীৰ সৈতে সাঙুৰি পেলোৱা হ’ল। আনহাতে গৌৰৱ গগৈয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক ঘটনা সন্দৰ্ভত বিবৃতি দিবলৈ আৰু হত্যাকাণ্ডৰ বলি হোৱা শ্ৰমিকৰ পৰিয়ালৰ বাবে অনুদান ঘোষণা কৰিবলৈও আহ্বান জনায়। 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।