12/09/2021 - 15:11
in
ধুবুৰীঃ প্ৰতিবাদত কঁপি উঠিল ধুবুৰীৰ ৰাজপথ। ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীক আক্ৰমণ কৰাৰ প্ৰতিবাদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ভোলানাথ মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে। ধুবুৰী আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয় ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্র-ছাত্ৰী সকলে। পিছত আৰক্ষী অধীক্ষকগৰাকীয়ে অতি শীঘ্ৰে দুষ্কৃতিকাৰীৰ সেই দলটোক কৰায়ত্ব কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত শাম কাটে পৰিস্থিতিৰ।
উল্লেখ্য যে, ভোলানাথ মহাবিদ্যালয়ৰ অধ্যয়নৰত সেই ছাত্ৰীগৰাকীক প্ৰায় এমাহমান পূৰ্বে দুৰ্বৃত্তৰ দল এটাই যাত্ৰীবাহী টেম্পোত আক্ৰমণ কৰাৰ এক ঘটনা সংঘটিত হৈছিল। উক্ত ঘটনাক কেন্দ্ৰ কৰি ছাত্ৰীগৰাকীয়ে দাখিল কৰিছিল এজাহাৰ আৰু সেই ঘটনাক লৈ ৰুষ্ট দুৰ্বৃত্তৰ দলটোৱে ছাত্ৰীজনক যোৱাকালি আক্ৰমণ কৰে বুলি জানিব পৰা গৈছে। বৰ্তমানে ধুবুৰী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ছাত্ৰীগৰাকীয়ে।কলেজৰ ছাত্ৰীক সুৰক্ষা দিয়ক, নাৰীক সন্মান কৰক ইত্যাদি বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে। অতি শীঘ্ৰেই দোষীসকলক কৰায়ত্ত কৰি উচিত শাস্তি দিবলৈ দাবী জনায়। নহলে পৰৱৰ্তী সময়ত ইয়াতকৈ জংগী আন্দোলন কৰিব বুলি হুংকাৰ দিয়ে মহাবিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকলে।