12/09/2021 - 17:04
in
অভয়াপুৰীঃ সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয় চমুকৈ আমছুৰ উত্তৰ শালমাৰা জিলা আমছুৰ উদ্যোগত বিভিন্ন আঞ্চলিকৰ সহযোগত এফ ছি আই দৈনিক বজাৰত ৰাস্তা মেৰামতি দাবীত এঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰে।
কাবাইটাৰী-ঔডুবী-শালবাৰী গড়কাপ্তানী পথ বিগত তিনি বছৰ ধৰি জৰাজীৰ্ণ অৱস্থা হৈ থকা বাবে সঘনাই সৰু-সুৰা দুৰ্ঘটনা সংঘটিত হৈ আহিছে। কাবাইটাৰী-ঔডুবী-শালবাৰী গড়কাপ্তানী পথ মেৰামতিৰ দাবীত আজি আমছুয়ে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
উক্ত প্ৰতিবাদ উপস্থিত থাকে জিলা সমিতিৰ উপ সভাপতি আনোৱাৰা হুছেইন আৰু সাধাৰণ সম্পাদক ইনামুল হক। অসম চৰকাৰৰ হায় হায়, বিধায়ক প্ৰদীপ সৰকাৰ মুৰ্দাবাদ, সাংসদ আব্দুল খালেক মুৰ্দাবাদ, গড়কাপ্তানী বিভাগ হায় হায়, আমছু জিন্দাবাদ ইত্যাদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
ঘটনাস্থলীত যোগীঘোপা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। কাবাইটাৰী-ঔডুবী-শালবাৰী গড়কাপ্তানি পথ মেৰামতিৰ দাবীত এঘণ্টীয়া পথ অৱৰোধ কাৰ্যসূচী লগতে যোগীঘোপা আৰক্ষীৰ জৰিয়তে মহকুমাধিপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে।