মৰিয়নিত পশুপালকৰ হাহাকাৰ, নাই এজনো পশু চিকিৎসক

 12/10/2021 - 12:55
 
 
 
মৰিয়নিঃ মৰিয়নিৰ নকছাৰিত এখন ৰাজ্যিক পশু চিকিৎসালয় থকা পাছতো চিকিৎসক নথকাৰ বাবেই অঞ্চলটোৰ পশু পালকসকল এতিয়া সমস্যাত পৰিব লগা হৈছে। পশু চিকিৎসালয় খনত এজনো পশু চিকিৎসক নথকাত অঞ্চলটোৰ পশু পালক সকল হতাশ হৈ পৰিছে। নকছাৰি চিনাতলী গাঁৱৰ ধ্ৰুৱজ্যোতি লাহন নামৰ এজন যুৱকে গাহৰি পালনৰ যোগেদি স্বাৱলম্বিতাৰ বাট মুকলি কৰিছিল যদিও পশু চিকিৎসকৰ অভাৱত উন্নত জাতৰ গাভিনী গাহৰি মৃত্যুমুখত পৰাত লক্ষাধিক টকাৰ লোকচানৰ সন্মুখীন হৈ এতিয়া হতাশ হৈ পৰিছে। এনে অৱস্থাত চৰকাৰৰ তথা পশুপালন বিভাগৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰিছে পশুপালক সকলৰ লগতে স্থানীয় ৰাইজে।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।