ঐতিহাসিক কেঁচা খাইটি থানত বাবু পূজা উদযাপনঃ অগণন ভক্তৰ ভিৰ

 12/12/2021 - 13:26
 
 
ডুমডুমাঃ তিনিচুকীয়া জিলাৰ ঢলা ছৈখোৱা কেঁচা খাইটি থানত উদযাপন হৈছে বাবু পূজা। পৰম্পৰাগতভাৱে আয়োজিত হয় এই বাবু পূজা।  চাহ-বাগিচাত কৰ্মৰত বাবুসকলে মূলতঃ এই পূজা পালন কৰিছিল, পৰৱৰ্তী পৰ্যায়ত সকলোৱেই এই পূজাক গুৰুত্ব প্ৰদান কৰি উজনি অসমৰ শাক্ত পূজাৰ ঐতিহাসিক শক্তিপীঠ কেঁচা খাইটি  থানত প্ৰত্যেক বছৰৰ ডিচেম্বৰ মাহৰ দ্বিতীয় দেওবাৰৰ দিনা এই পূজা পালন কৰে।
 
দেওবাৰৰ ৰাতিপুৱা প্ৰায় বাৰটা বজাৰ পৰা অগণন ভক্তৰ ভিৰ পৰিলক্ষিত হয় এই পূজাৰ স্থলীত। উল্লেখনীয় যে, শাক্ত ধৰ্মী এই ঐতিহাসিক শালত বছৰেকত চাৰিখনকৈ পূজা অনুষ্ঠিত হয় যদিও এই বাবু পূজাত কেঁচা খাইটি গোঁসাইনীৰ নামত ছাগলী হাঁহ বলি বিধানৰ লগতে পাৰ চৰাই মেলি দিয়াৰ প্ৰথা প্ৰচলিত হৈ আহিছে। বাবু পূজাত ভক্তি ভাৱেৰে পূজা অৰ্চনা কৰিলে সকলোৰে মণোকামনা পূৰ্ণ হয় বুলি লোকবিশ্বাস আছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।