মাৰাডোনাৰ ২০ লাখটকীয়া ঘড়ীৰ পিছত এইবাৰ ৱাজিদৰ ওচৰত ওলাইছে জেকেট, ট্ৰেক পেন্ট, জোতা

 12/12/2021 - 14:14
 
 
নিউজ ডেস্কঃ ডুবাইৰ পৰা মাৰাডোনাৰ স্বাক্ষৰ সম্বলিত এটা অতিকৈ মূল্যৱান ঘড়ী ঘৰলৈ আহি আত্মগোপন কৰি আছিল ৱাজিদে। কিন্তু ডুবাই আৰক্ষীৰ তথ্যৰ ওপৰত ভিত্তি কৰি অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৱাজিদক।শেহতীয়াকৈ ৱাজিদৰ পৰা আৰক্ষীয়ে জেকেট, ট্ৰেক পেন্ট, জোতা, বেডমিন্টন ৰেকেট, আৰু কেইটামান ঘড়ীৰ লগতে আই পেড আৰু এটা মূল্যৱান টুপী জব্দ কৰিছে। এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত আৰক্ষীয়ে অধিক তথ্য ৰাজহুৱা কৰিব বুলি সদৰি কৰিছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।