চৰকাৰী কৰ্মচাৰীৰ মৃত্যুৰ পিছত সন্তানে পেঞ্চন লাভ কৰিবনে?

 12/12/2021 - 15:00
 
 
নিউজ ডেস্কঃ চৰকাৰী কৰ্মচাৰীৰ মৃত্যুৰ পিছত তেওঁৰ সন্তানো পেঞ্চনৰ দাবীদাৰ। যদি কোনো কৰ্মচাৰী অৱসৰ লাভ কৰিছে। আৰু তাৰ পিছত যদি সন্তান জন্ম দিয়ে, তেন্তে সন্তানটোৱে পেঞ্চনৰ সুযোগ পাব পাৰে। অর্থাৎ চাকৰি চলি থকাৰ সময়ত বা চাকৰিৰ পিছতো যদি কোনো সন্তান জন্ম হয়, তেন্তে সেই সন্তানটি পেঞ্চনৰ যোগ্য।
 
এই নিয়ম ফেমিলী পেঞ্চনৰ নিয়মসমূহত উল্লেখ আছে। কোনো চৰকাৰী কৰ্মচাৰীৰ যিকোনো কাৰণতে মৃত্যু হওক লাগিলে, তাৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট বিষয়াৰ ওচৰত দাখিল কৰিব লাগিব। তাৰ পিছতে পেঞ্চন প্ৰক্ৰিয়া সম্পন্ন হ'ব। নাবালক সন্তান বা বিশেষভাবে সক্ষম সন্তানৰ অভিভাৱকে এই দাবী কৰিব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে যদি অন্য কাৰোবাক নমিনী কৰি থৈ গৈছে, তেন্তে সেই ক্ষেত্ৰতো শিশুটিৰ হৈ পেনশ্যনৰ দাবী কৰিব পাৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।