12/13/2021 - 14:48
in
নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে "ভৱ্য কাশী, দিব্য কাশী" শীৰ্ষক অনুষ্ঠানত অংশগ্ৰহণ কৰি কাশী-বিশ্বনাথৰ দ্বাৰ সমগ্ৰ বিশ্ববাসীৰ বাবে মুকলি দিয়াৰ প্ৰাকক্ষণত উত্তৰ প্ৰদেশৰ শাসনাধিষ্ঠিত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে সমাজবাদী পাৰ্টীৰ অধ্যক্ষ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ সিং যাদৱে। নতুনকৈ নিৰ্মিত হোৱা কাশী ক'ৰিডৰৰ আধাৰশিলা তেওঁলোকৰ চৰকাৰৰ দিনতেই স্থাপন হৈছিল আৰু সেই প্ৰমাণ তেওঁলোকৰ হাতত আছে।
বিজেপিয়ে কেৱল ধ্বংসহে কৰিব জানে। জনসাধাৰণৰ ক্ষোভৰ ভয়তহে তেওঁলোকে উন্নয়নমূলক কাম-কাজ কৰিছে।সমাজবাদী পাৰ্টীৰ অধ্যক্ষগৰাকীয়ে লগতে কয়, বিজেপিয়ে কেৱল সাম্প্ৰদায়িক ৰাজনীতিহে কৰিব জানে। বিজেপিয়ে বিভাজনৰ ৰাজনীতি কৰি শাসন চলাইছে বুলিও তেওঁ অভিযোগ কৰে।উল্লেখযোগ্য যে, ১৩ ডিচেম্বৰত দেশবাসীৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰি দিব কাশী-বিশ্বনাথ ধামক। ইয়াৰ বাবে ন-ৰূপত সুন্দৰকৈ সজাই-পৰাই তোলা হৈছে সমগ্ৰ চহৰখনকে। কাশীৰ ন-ৰূপক লৈ চহৰখনৰ ৰাইজৰ মাজতো উৎসাহে বিৰাজ কৰা দেখা গৈছে।