পুনৰ চৰ্চাত কাচা বাদাম’ গাই জনপ্ৰিয় হোৱা ভুৱন বাদ্যকৰঃ এইবাৰ নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত

 12/13/2021 - 16:07
 
 
নিউজ ডেস্কঃ ছ’চিয়েল মিডিয়াত ধুমুহা গতিত ভাইৰেল হৈ পৰা কাচা বাদাম গানটো গাই অভূতপূৰ্ব জনপ্ৰিয়তা লাভ কৰিছিল পশ্চিমবংগৰ বীৰভূমৰ বাদাম বিক্ৰেতা ভুৱন বাদ্যকৰে।এৰাতিৰ ভিতৰতে ভুৱন বাদ্যকৰ জনপ্ৰিয় হৈ উঠিল। ভুৱন বাদ্যকৰে গোৱা গানটো আছিল ‘বাদাম বাদাম দাদা কাচা বাদাম, আমাৰ কাছে নাই গো বুবু ভাজা বাদাম।’
 
অসমীয়াত ইয়াৰ অৰ্থ হ’ব বাদাম বাদাম কেঁচা বাদাম, মোৰ তাত নাই ঐ ভন্টি ভজা বাদাম।গানটোৰ অপাৰ জনপ্ৰিয়তা দেখি ভুৱন বাদ্যকৰ কাষ চাপিল আৰক্ষীৰ।দুবৰাজপুৰ থানাত উপস্থিত হৈ তেওঁ অভিযোগ দাখিল কৰি কৈছিল যে কাচা বাদাম গানটোৰ কপিৰাইট লাগে হেনো তেওঁক। ভুৱনৰ অভিযোগ যে তেওঁ ৰচা গানটো গায়েই বা বেলেগ বেলেগ মাধ্যমত ব্যৱহাৰ কৰি ইউটিবাৰসকলে লাখ লাখ টকা উপাৰ্জন কৰিছে কিন্তু তেওঁৰ তাৰ বিনিময়ত একো পোৱা নাই। গানটোৰ জৰিয়তে তেওঁ প্ৰাপ্য ধন পোৱা নাই। সেয়েহে তেওঁ ন্যায় বিচাৰি কাষ চাপে আৰক্ষীৰ। সেই খবৰে দুদিন পূৰ্বে সংবাদ শিৰোনাম দখল কৰিছিল।পুনৰ চৰ্চাত আহিছে বাদাম বিক্ৰেতাগৰাকী। বাদামৰ বিক্ৰী বন্ধ হৈ পৰিল ভুৱনৰ। ইয়াৰ কাৰণ হ’ল ভুৱন নামি পৰিছে কলকাতাৰ পৌৰনিগমৰ নিৰ্বাচনী প্ৰচাৰত। তৃণমূল কংগ্ৰেছৰ নেতা মদন মিত্ৰই লগ পাই ভুৱনৰ গানত মুগ্ধ হৈ ২০ হাজাৰ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে। মদন মিত্ৰই ভুৱনৰ সৈতে একেলগে কাচা বাদামৰ গানত সুৰ মিলাই নিজেও গানটো গায়। তৃণমূলৰ বিধায়ক মদন মিত্ৰই পৌৰনিগমৰ ভোটগ্ৰহণৰ দিনা প্ৰতিটো ৱাৰ্ডৰ দলৰ কৰ্মীসকলৰ বাবে ১৪৪ কেজি ভজা বাদামৰ অৰ্ডাৰ দিয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।