12/13/2021 - 18:55
in
শালবাৰীঃ নৰশিংহবাৰী আৰক্ষী পহৰা চকীখন নৰশিংহবাৰীৰ পৰা উঠাই নিয়াৰ বাবে প্ৰস্তুতি চলোৱাৰ সময়তে আৰক্ষী পহৰা চকী চৌহদত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে। উল্লেখ্য যে, ২০১৪ চনৰ ১ মেত অচিনাক্ত দুৰ্বৃত্তই নৰসিংহবাৰী গাঁৱত প্ৰৱেশ কৰি অতৰ্কিতে গুলীচালনা কৰি তিনিগৰাকী লোকক হত্যা কৰাৰ লগতে আহত হৈছিল দুইগৰাকী লোক।
দুৰ্বৃত্তৰ আক্ৰমণৰ পিছতেই ৰাইজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ অৰ্থে ১৭১৭ নং নৰশিংহবাৰী প্ৰাথমিক বিদ্যালয়ত অস্থায়ীভাৱে স্থাপন কৰিছিল আৰক্ষী চকীখন। আজি হঠাতে আৰক্ষী চকীখন উঠাই নিয়াৰ খবৰ লাভ কৰি জাঙোৰ খায় উঠে গাঁওবাসী। স্থানীয় ৰাইজে আৰক্ষী পহৰা চকীখন স্থায়ীভাৱে স্থাপন কৰাৰ দাবী জনাইছে।