12/14/2021 - 14:53
in
ৰঙিয়াঃ ৰঙিয়া চহৰৰ সোঁমাজৰ পৰা আজি দিনৰ ভাগত কলা ৰংৰ পালচাৰ বাইকত অহা দুজন দুৰ্বৃত্তই এজন প্ৰতিষ্ঠিত ব্যৱসায়ীৰ মেনেজাৰৰ পৰা ৫ লাখ টকা লুট কৰি নিয়ে। ৰঙিয়াৰ প্ৰতিষ্ঠিত ব্যৱসায়ী দিগন্ত কলিতাৰ মেনেজাৰ গৰাকীয়ে ৰঙিয়া ষ্টেট বেংকৰ পৰা ৫ লাখ টকা উলিয়াই। এখন বেগত ব্যৱসায় জনৰ শৰৎ চন্দ্ৰ দাস নামৰ ব্যৱসায়ীজনে টকাখিনি ৰঙিয়া মিল ৰো'ডৰ কাৰ্য্যালয়লৈ গৈ আছিল।
কৰ্মচাৰী জনে তিনিআলি পোৱাৰ কিছু সময়ৰ আগতে HDFC বেংকৰ সন্মুখত কলা পালচাৰ বাইকত অহা যুৱক দুজনে কৰ্মচাৰী জনৰ বাইকখনত খুন্দা মাৰে। ব্যক্তিজন পথত বাগৰি পৰাৰ লগে লগে দুৰ্বৃত্তই টকা ভৰ্তি বেগটো কাঢ়ি লৈ তীব্ৰ বেগত আন এটা পথৰে আঁতৰি যায়। ইফলে শৰৎ চন্দ্ৰ দাস নামৰ কৰ্মচাৰীজন পথত বাগৰি পৰাৰ ফলত আহত হোৱাত ৰঙিয়া আদৰ্শ চিকিৎসালয়ত চিকিৎসা কৰাৰ ব্যৱস্থা কৰে। ঘটনাটো সংঘটিত হোৱাৰ পিচতে ৰঙিয়া আৰক্ষীয়ে দুৰ্বৃত্তক আটক কৰাৰ বাবে তীব্ৰ অভিযান আৰম্ভ কৰিছে।