12/14/2021 - 18:20
in
ধুবুৰীঃ ধুবুৰীত মাৰ্বলৰ তলত পৰি গুৰুতৰভাৱে আহত এগৰাকী শ্ৰমিক। ধুবুৰী ১ নং ৱাৰ্ডত নিৰ্মীয়মান অট্টালিকাৰ বাবে অনা মাৰ্বল ট্ৰাকৰ পৰা খালি কৰোঁতে মাৰ্বলৰ তলত পৰে এজন শ্ৰমিক। লগে লগে হুৱাদুৱা লাগে সমগ্ৰ অঞ্চলত। প্ৰায় এক ঘণ্টাৰ মূৰত শ্ৰমিক সুৰজ কুমাৰ চৌধুৰীক উদ্ধাৰ কৰে যদিও সংকটজনক অৱস্থাত ধুবুৰী অসামৰিক চিকিৎসালয় লৈ যায়।
অতি গুৰুত্বপূৰ্ণ কথাটো হল মাৰ্বলৰ তলত পৰি শ্ৰমিকজনে মৰণ কাতৰ চিঞৰ বাখৰ কৰি আছিল যদিও সহায়ৰ বাবে আগবাঢ়ি নাহিল অট্টালিকাৰ স্বত্বাধিকাৰ গৰাকী। আনকি অট্টালিকাৰ গেট বন্ধ কৰি ভিতৰত পলাই থাকিল স্বত্বাধিকাৰ গৰাকীয়ে। সাংবাদিককো দুৰ্ব্যৱহাৰ কৰে অনা অসমীয়া ব্যৱসায়িজনে।
লগে লগে ক্ষুদ্ধ হৈ পৰে স্থানীয়লোক। অভিযোগ অনুসৰি জনবসতি এলেকা তথা ভিআইপি ৰোডৰ কাষতে কেনেদৰে ব্যৱসায়িক গুডাউন দি নিতৌ ট্ৰাকে ট্ৰাকে বিভিন্ন ধৰণৰ সামগ্রী লোডিং আন লোডিং কৰি থাকে। প্ৰশাসনৰ ভূমিকাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।