12/14/2021 - 19:20
in
নিউজ ডেস্কঃ ৰাজ্যত ক’ভিড প্ৰতিষেধক লোৱাতো বাধ্যতামূলক কৰিছে চৰকাৰে৷ ক’ভিড পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আহিলেও ভৱিষ্যতৰ সময়ৰ সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখি কোনো লোকেই প্ৰতিষেধক লোৱাৰ পৰা যাতে বাদ পৰি নাযায় তাৰ বাবে ঘৰে ঘৰে প্ৰতিষেধক প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে৷
বহু ভিতৰুৱা তথা দুৰ্গম অঞ্চলতো স্বাস্থ্যকৰ্মীয়ে ঘৰে ঘৰে গৈ ভেকচিন দিয়া প্ৰক্ৰিয়া শ’লাগিবলগীয়া৷ কিন্তু তাৰ মাজতে একাংশ লোকে ভেকচিন গ্ৰহণ কৰাক লৈ কৰা ভেকোভাওনাই অস্বস্তিত পেলাইছে স্বাস্থ্যকৰ্মীক৷কোনোৱে প্ৰতিষেধক ভয়ত গ্ৰহণ নকৰাৰ উপৰি কোনেও আকৌ প্ৰতিষেধক গ্ৰহণ কৰিলে ভগৱান লম্ভা, প্ৰতিষেধক গ্ৰহণ কৰিলে মৃত্যু হোৱা ইত্যাদি কথাৰ সহায় লৈছে৷
মুঠৰ ওপৰত প্ৰতিষেধক প্ৰদানৰ নামত জ্বলা-কলা খাইছে একাংশ স্বাস্থ্য কৰ্মীয়ে৷নিজকে ‘ঈশ্বৰৰ দূত’ৰূপে পৰিচয় দিয়া আদাবাৰীৰ শিৱ বাবাৰ শক্তি মন্দিৰৰ এগৰাকী পূজাৰীয়ে নলয় ভেকচিনৰ দ্বিতীয় ড’জ।“হিমন্ত মামা… মই সাধনা কৰো মোৰ ভেকচিন লোৱাত বাধা আছে। তাৰ পাছতো যদি মই কৰ’না ভেকচিন লওঁ তেতিয়াহ’লে মোৰ মৃত্যু হ’ব।” মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ চিঠি লিখি, কৰ’না ভেকচিন ল’লে মৃত্যু হ’ব বুলি দাবী কৰে আদাবাৰীৰ শিৱ বাবাৰ শক্তি মন্দিৰৰ এগৰাকী পূজাৰীয়ে৷ খোদ মুখ্যমন্ত্ৰী আহিলেহে ভেকচিন ল’ব বুলি জানিবলৈ দিয়ে বাবাই।