12/15/2021 - 12:16
in
চাপৰঃ সৃষ্টি নামৰ এটা বেচৰকাৰী সংস্থা উদ্যোগত আৰু চৰকাৰৰ সহযোগত ধুবুৰী জিলাৰ বিভিন্ন ঠাইত চলিছে বাটৰ নাট।
বাটৰ নাটৰ জৰিয়তে দালাল পৰা সাৱধান কৰাৰ উপৰি বিভিন্ন চৰকাৰী আঁচনি তথা চৰকাৰী সুবিধা কেনেদৰে লাভ কৰিব পাৰি এই বিষয়ত বিতংকৈ সৃষ্টি নামৰ এটি অনুষ্ঠানৰ যোগেদি বাটৰ নাটৰ মাধ্যমৰে ৰাইজক সজাগ কৰাৰ এক ব্যতিক্ৰমী পদক্ষেপ লৈছে চৰকাৰে।
বাটৰ নাটৰ মাজেৰে ৰাইজক তথ্য জনাৰ অধিকাৰৰ ওপৰত গুৰুত্ব বুজাই দিয়াৰ লগতে দালালৰ পৰা অসমৰ ৰাইজ কেনেকে সকাহ পায় তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।