12/17/2021 - 18:15
in
বাহাৰঘাটঃ ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত শিল্পী নৃপেন হালৈৰ সভাপতিত্বত অনুষ্ঠিত কৰা হয় সভাখন। সভাত ওজাপালি আৰু ভাওৰীয়া সন্থাৰ সভাপতি সোনাৰাম বৈশ্য, সম্পাদক পবিন তালুকদাৰৰ লগতে প্ৰভাত হালৈ, বসন্ত ৰাজবংশী আদি বহুতো গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে৷
সভাত ওজাপালি শিল্পী নৃপেন হালৈৰ জন্মদিন উদযাপন কৰি তেওঁক ফুলাম গামোচা আৰু শ্ৰীশ্ৰীকৃষ্ণ গীতা প্ৰদান কৰি শিল্পী গৰাকীৰ দীৰ্ঘায়ু কামনা কৰে৷ বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠানেৰে আৰম্ভ কৰা সভাখনত কেইবাজনো ওজা আৰু দাইনাপালিয়ে সন্থাৰ সাংগঠনিক দিশত বক্তৃতা দিয়ে৷
ইয়াৰোপৰি অসমত ওজাপালিৰ প্ৰাসংগিকতাৰ ওপৰত বিশ্লেষণ কৰি চৰকাৰে উক্ত শিল্পীসকলৰ প্ৰতি সুদৃষ্টিৰে চোৱাৰ বাবে কাতৰ আহ্বান জনাই৷ আনহাতে চৰকাৰে তেওঁলোকক কৰি অহা সহায়ৰ বাবে ধন্যবাদো জনাই বিষয়ববীয়া সকলে৷ উক্ত সভাতে সন্থাটোৱে তেওঁলোকৰ পৰৱৰ্তী কাৰ্য্যপন্থাৰ বাবে এখন সংবিধান প্ৰস্তুত কৰি গ্ৰহণ কৰে।