12/18/2021 - 12:48
in
নিউজ ডেস্কঃ দিছপুৰত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটৰ বৈঠকত পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগ তথা ফৰেনছিক বিভাগত নতুন নিযুক্তি, অতিথি শিক্ষকৰ নিয়োগ, খুচুৰা বিক্রেতাৰ অনুজ্ঞা পত্র, অসম আন্দোলনৰ ভুক্তভোগীসকলৰ কল্যানার্থে গঠিত ন্যাস সমিতিত নতুন সদস্য অন্তর্ভুক্তিকে আদি কৰি আমি বহুকেইটা গুৰুত্বপূর্ণ সিদ্ধান্ত গ্ৰহণ কৰে।
এই কেবিনেটত তৃতীয়, চতুৰ্থ বৰ্গৰ নিযুক্তিৰ বাবে বিশেষ ব’ৰ্ড গঠনৰ লগতে এজন শিক্ষকে ৩০ দিনতকৈ বেছি ছুটী ল’লে অতিথি শিক্ষক নিযুক্তি প্ৰদানৰো সিদ্ধান্ত লোৱা হয়। লগতে এটা শৈক্ষিক বৰ্ষৰ বাবে অতিথি শিক্ষক আৰু অৱসৰ বা দীৰ্ঘদিনৰ বাবে ছুটীত গ’লে বিদ্যালয় প্ৰধানে অতিথি শিক্ষক নিযুক্তি প্ৰদানৰ প্ৰক্ৰিয়াটোকো অনুমোদন জনোৱা হয়। উল্লেখ্য যে, এই কেবিনেটত সুলভ মূল্যৰ দোকানৰ অনুজ্ঞাপত্ৰ নৱীকৰণৰ সময়সীমা ৩বছৰলৈ বৃদ্ধি কৰা হয়। পূৰ্বে এই সময়সীমা আছিল এবছৰ। ৰাজ্যৰ ৪টা নতুন ফৰেনচিক গৱেষণাগাৰ স্থাপনৰ সিদ্ধান্তও লোৱা হয় এই কেবিনেটত।