12/18/2021 - 13:04
in
নিউজ ডেস্কঃ এআইএমআইএম নেতা আছাদুদ্দিন ওৱেইছিৰ ঘোৰ আপত্তি ছোৱালীৰ বিয়াৰ নূন্যতম বয়স ১৮ বছৰৰ পৰা ২১ বছৰলৈ বৃদ্ধি কৰাক লৈ৷ কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে আছাদুদ্দিন ওৱেইছিয়ে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি ওৱেইছিয়ে কয় যে ১৮ বছৰত মানুহ প্ৰাপ্তবয়স্ক হয়। ১৮ বছৰত মানুহে ভোটাধিকাৰ লাভ কৰে। ১৮ বছৰত যদি মানুহে প্ৰধানমন্ত্ৰী বাচনি কৰিব পাৰে তেন্তে জীৱনসংগী কিয় বাচনি কৰিব নোৱাৰিব?
ল’ৰা আৰু ছোৱালীয়ে ১৮ বছৰ বয়সত এজন সাংসদ বিধায়ক বাছনি কৰাৰ স্বাধীনতা লাভ কৰে, গতিকে তেওঁলোকে তেওঁলোকৰ জীৱনসংগী বাচনি লোৱাৰ স্বাধীনতা কিয় নোহোৱা কৰিব লাগে? উল্লেখ্য যে যি সময়ত সকলো মানুহেই কেন্দ্ৰ চৰকাৰৰ এই সিদ্ধান্তৰ শলাগ লৈছে তেনে সময়তে আছাদুদ্দিন ওৱেইছিৱে সম্পূৰ্ণ ওলোটা কথা এটা কৈ দিয়াত বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰিছে। একাংশই আছাদুদ্দিন ওৱেইছিৰ এই প্ৰশ্নক গৰিহনাৰ যোগ্য বুলি মন্তব্য কৰিছে।
আছাদুদ্দিন ওৱেইছিৱে লগতে কয় যে যদি সমাজত বাল্যবিবাহ হ্ৰাস পাইছে, তেন্তে এইটো কোনো আইনৰ বাবে নহয়, শিক্ষা আৰু অৰ্থনৈতিক প্ৰগতিৰ বাবেহে সম্ভৱ হৈছে। উল্লেখনীয় কথাটো হ’ল কেবিনেট বৈঠকত ছোৱালীৰ বিবাহৰ নূন্যতম বয়স বৃদ্ধিৰ বাবে এখন বিধেয়ক অনুমোদিত হৈছে।
ভাৰতীয় আইন মতে বিবাহপাশত আৱদ্ধ হ’বৰ বাবে ছোৱালীৰ বয়স ১৮ বছৰ আৰু ল’ৰাৰ বয়স ২১ বছৰ হোৱাটো বাধ্যতামূলক। ছোৱালীৰ বিবাহৰ নিম্নতম বয়সৰ সীমা সোনকালেই ১৮ ৰ পৰা ২১ বছৰলৈ বৃদ্ধি হ’ব। বিধেয়কখন আইন ৰূপে গৃহীত হলেই ছোৱালীয়ে ২১ বছৰৰ পৰা বিয়াৰ চিন্তা কৰিব পাৰিব। ২১ বছৰ পূৰ্বে বিবাহপাশত আৱদ্ধ হ’লে আইনৰ চকুত দোষী সাব্যস্ত হ’ব। চৰকাৰে অতি সোনকালে এই নিয়ম কাৰ্যকৰী কৰা বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।