06/05/2019 - 12:11
in
ডিজিটেল ডেস্কঃ আজি পৱিত্ৰ ঈদ-উল-ফিতৰ। ত্যাগ, সংযমেৰে এমাহ উপবাস তথা ৰমজানৰ ৰোজাৰ অন্তত আজি উলহ মালহৰে ইছলামধৰ্মী লোকে পালন কৰিছে পবিত্ৰ উৎসৱ ঈদ-উল-ফিতৰ।
উছাহৰ ঢল দেখিবলৈ পোৱা গৈছে ইছলামধৰ্মী লোকসকলৰ মাজত।ঈদ-উল- ফিতৰ মানে হৈছে ৰোজা ভঙাৰ দিৱস।ঈদ মানৱ সমাজত ধনী-দুখীয়াৰ মাজত ব্যৱধান আতৰাই দিয়াৰ এটি দিন।
ঈদৰ দিনটোত ধনী-দুখীয়া সকলো সমান। সকলোৱে একেলগে ঈদগাহত ঈদৰ নামাজ আদায় কৰে।এই পৱিত্ৰ ঈদে যেন সমাজৰ অসূয়া অশান্তি নাশ কৰি সমাজত শান্তি, একতা আৰু ভাতৃত্ববোধৰ এনাজৰী বান্ধে এয়াই কামনা।